বেটে- বলে পৰাক্ৰম দেখুৱাই টীম ইণ্ডিয়াৰ ৰোমাঞ্চকৰ বিজয়

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত ৰোমাঞ্চকৰ বিজয় সাৱ্যস্ত কৰিছে টীম ইণ্ডিয়াই। ঘৰৰ মাটিত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াই একেৰাহে দ্বিতীয়খন মেচত বিজয়ী হৈ শৃংখলা দখল কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
ind vs eng

ind vs eng

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত ৰোমাঞ্চকৰ বিজয় সাৱ্যস্ত কৰিছে টীম ইণ্ডিয়াই। ঘৰৰ মাটিত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াই একেৰাহে দ্বিতীয়খন মেচত বিজয়ী হৈ শৃংখলা দখল কৰিবলৈ সক্ষম হয়।

Advertisment

আজিৰ এই মেচখনত পোনতে বেট ধৰি আলহী দল ইংলেণ্ডে ভাৰতৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৩০৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ জ’ ৰুটে সৰ্বাধিক ৬৯ ৰান কৰে। তাৰোপৰি ডুকাটে কৰে ৬৫ ৰান। বাকীসকল বেটাৰে ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হয়। 

শতক অৰ্জনৰ পাছত ৰোহিত শৰ্মা
শতক অৰ্জনৰ পাছত ৰোহিত শৰ্মা

 

উল্লেখযোগ্য যে ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজাই ৩টা উইকেট দখল কৰে। লগতে মহম্মদ চামী, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী আৰু হাৰ্ডিক পাণ্ডিয়াই লাভ কৰে এটাকৈ উইকেট। 

ইফালে জয়ৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা ৰোহিত- গীল অপেনিং যুটিয়ে সুন্দৰ আৰম্ভণি কৰি জয়ৰ উমান দিয়ে। আজিৰ মেচত ৰোহিত শৰ্মাই শতকীয় ইনিংছ উপহাৰ দি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। ইয়াৰ উপৰি শুভমন গীলে ৬০ ৰান কৰে। নিৰ্ভৰযোগ্য বেটাৰ বিৰাট কোহলি এইবাৰো ব্যৰ্থ হয়।

ind vs eng