/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/39b6d729-9af8-4542-b592-517531d96617/ind_ban.jpg)
IND VS BAN
ডিজিটেল ডেস্কঃ বিশ্বৰ ক্ৰিকেট অনুৰাগী এতিয়া ক্ৰিকেট জ্বৰত আক্ৰান্ত। কিয়নো ছাৰ ব্ৰেডমেনৰ দেশ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে এই বৰ্ষৰ টি-২০ বিশ্বকাপ। বুধবাৰে ছুপাৰ১২ৰ এখন মেচত ভাৰতে বাংলাদেশক ৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে।
ভাৰতৰ এই বিজয়ে চলিত বিশ্বকাপত ছেমি ফাইনেলৰ দিশে অগ্ৰসৰ হোৱাত যথেষ্ট অৰিহণা যোগায়। টছত জয়লাভ কৰি বাংলাদেশে বলিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি ভাৰতে প্ৰথমে বেট ধৰি প্ৰথমাৱস্থাত বাংলাদেশক বিজয়ৰ বাবে বিৰাট কোহলি আৰু কে এল ৰাহুলৰ অৰ্ধ শতকৰ সহায়ত নিৰ্ধাৰিত অভাৰত ১৮৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/90e8304e-b962-4f83-917c-884d908d02ba/virat_rahul.jpg)
কিন্তু বৰষুণে বিধি পথালি দিয়াত কিছু সময়ৰ বাবে খেল বন্ধ ৰাখিবলগীয়া হয়। বৰষুণ এৰাৰ পাছত পুনৰ খেল আৰম্ভ হয় যদিও আম্পায়াৰে দ্বিতীয় ইনিংছ ১৬ অভাৰলৈ হ্ৰাস কৰে। সেই অনুসৰি আম্পায়াৰে বাংলাদেশক জয়ৰ বাবে ১৫১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত দলটোৱে ১৬ অভাৰত ৬টা উইকেট হেৰুৱাই ১৪৫ ৰানতে থমকি ভাৰতৰ হাতত পৰাজয়বৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0c1482d7-30b1-489c-affa-8ed09e2b76e0/ind.jpg)