টি-২০ বিশ্বকাপঃ কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ভাৰত...

সুযোগৰ সদ্ব্যৱহাৰত ব্যৰ্থ অপেনিং বেটছমেন ৰাহুল
India vs Bangladesh
India vs Bangladesh

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে টি-২০ বিশ্বকাপ ২০২২। বুধবাৰে ছুপাৰ ১২ৰ এখন মেচত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতীয় ক্ৰিকেট দল। শেহতীয়া মেচত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হৈছিল ভাৰত। সেয়ে দলৰ সামগ্ৰীক ব্যৰ্থতা পাহৰি পূৰ্ণ শক্তিৰে বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো।

K.L.RAHUL
K.L.RAHUL

উল্লেখ্য যে, এই বৰ্ষৰ টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতে পাকিস্তান আৰু নেডাৰলেণ্ডছৰ বিৰুদ্ধে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হৈছিল। টপ অৰ্ডাৰৰ বেটিং ব্যৰ্থতা ভাৰতৰ বাবে চিন্তাৰ মূল কাৰণ। দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু সহ অধিনায়ক কে এল ৰাহুলৰ বেটত ৰান নাই । সেয়ে দলীয় মেনেজমেণ্টৰ চিন্তাৰ কাৰণ হৈ উঠিছে। সুযোগৰ সদ্ব্যৱহাৰত ব্যৰ্থ অপেনিং বেটছমেন ৰাহুল। অৱশ্যে বিৰাট কোহলি আৰু সূৰ্য কুমাৰৰ শেহতীয়া প্ৰদৰ্শনে আস্থাত ৰাখিছে মেনেজমেণ্টক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in