md shami
md shami

টী-২০ বিশ্বকাপঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰস্তুতি মেচত সুস্থতাৰ প্ৰমাণ মহম্মদ চামীৰ...

মেচত ভাৰতৰ কে এল ৰাহুল আৰু সূৰ্য কুমাৰ যাদৱে অৰ্ধ শতক অৰ্জন কৰে

ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেট এতিয়া ব্যস্ত টী-২০ বিশ্বকাপত। অষ্ট্ৰেলিয়াত ইতিমধ্যে আৰম্ভ হৈছে বিশ্বকাপৰ মহাৰণ। ভাৰতকে ধৰি বিশ্বৰ ভালে সংখ্যক দেশে খেলৰ বাবে বাহৰ পাতিছে অষ্ট্ৰেলিয়াত।

ভাৰতৰ নিয়মীয়া পেচ বলাৰ বুমৰাহ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰাত চিন্তিত হৈছিল দলীয় মেনেজমেন্ট। কিয়নো বুমৰাহৰ স্থান কোনে পূৰাব তাক লৈ বিভিন্ন মাধ্যমত একাংশ সমালোচকে চৰ্চা কৰিছিল। কিন্তু বিশ্বকাপৰ প্ৰাক মূহুৰ্তত নিৰ্বাচকে ঘোষণা কৰিলে ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ মহম্মদ চামীৰ নাম। ক্ৰিকেট অনুৰাগীৰ মনত যেন সন্তুষ্টিৰ হাঁহি।

অনুৰাগীক নিৰাশ নকৰি সোমবাৰে অনুষ্ঠিত হোৱা টী-২০ বিশ্বকাপৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন প্ৰস্তুতি মেচত স্ব-মহিমাৰে উজলি উঠে পেচাৰ মহম্মদ চামী। হাতত বল লৈ মাত্ৰ ১অভাৰত ৪ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰি দৰ্শকৰ আগত সুস্থতাৰ প্ৰমাণ দাঙি ধৰে। ভাৰতীয় দলৰ বাবে যেন ডাঙৰ সকাহ।

উল্লেখ্য যে, চামীয়ে আঘাত আৰু কোভিডৰ বাবে ভাৰতত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত ভাগ ল'ব পৰা নাছিল। যাৰ ফলত বিশ্বকাপ খেলাৰ আশা খীণ আছিল। চামীৰ অনবদ্য প্ৰদৰ্শনৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰস্তুতি মেচত ৬ ৰানত জয়ী হয়। অন্যহাতে উক্ত মেচত ভাৰতৰ কে এল ৰাহুল আৰু সূৰ্য কুমাৰ যাদৱে অৰ্ধ শতক অৰ্জন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in