এডিলেইডত ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট

ইতিমধ্যে আজিৰ মেচখকলৈ বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে টীম ইণ্ডিয়াই। বিজয়ৰ ধাৰা অৱ্যাহত ৰাখি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত নিজৰ স্থান সুৰক্ষিত কৰাই এতিয়া মূল লক্ষ্য ভাৰতীয় দলটোৰ

author-image
Asomiya Pratidin
New Update
ind vs aus

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ মেচ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন মেচ আজি অনুষ্ঠিত হ’ব এডিলেইডত। গোলাপী বলেৰে দিবা- নৈশ পদ্ধতিত অনুষ্ঠিত হ’ব এইখন মেচ।

Advertisment

fhd

ইতিমধ্যে আজিৰ মেচখকলৈ বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে টীম ইণ্ডিয়াই। বিজয়ৰ ধাৰা অৱ্যাহত ৰাখি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত নিজৰ স্থান সুৰক্ষিত কৰাই এতিয়া মূল লক্ষ্য ভাৰতীয় দলটোৰ। ইফালে পৰাজয়ৰ কথা পাহৰি নতুন চিন্তাৰে খেলপথৰাত অৱতীৰ্ণ হ’ব ঘৰুৱা দল কেংগাৰু বাহিনী। উল্লেখ্য যে পাৰ্থত অনুষ্ঠিত প্ৰথমখন মেচত পৰাস্ত হৈছিল ঘৰুৱা দলটো।

Zs

আনহাতে প্ৰথমখন টেষ্টত খেলিব নোৱাৰা ৰোহিত শৰ্মা আৰু শুভমন গীলে আজিৰ মেচত খেলাটো নিশ্চিত হৈছে। যাৰ বাবে টপ অৰ্ডাৰত কিছু সাল- সলনি হোৱাৰ সম্ভাৱনা আছে। 

আজিৰ মেচখনত ৰোহিত শৰ্মাই মিডল অৰ্ডাৰত খেলিব লাগিব। কিয়নো পাৰ্থত অনুষ্ঠিত বিগত মেচখনত জয়ছোৱাল আৰু কে এল ৰাহুলৰ অ’পেনিং যুটিয়ে সফল হৈছিল। 

সেই অনুসৰি আজিৰ মেচখনতো পূৰ্বৰ অ’পেনিং যুটি বাহাল থাকিব। ইফালে শুভমন গীলৰ আগমণৰ বাবে তেওঁক স্থান এৰি দিব লাগিব দেৱদত্ত পাডিকলে। আজিৰ মেচখন অনুষ্ঠিত হ’ব পুৱা ৯-৩০ বজাৰ পৰা।

ind vs aus