পাৰ্থৰ উইকেটত অসহায় ভাৰত- অষ্ট্ৰেলিয়াৰ বেটছমেন : মেচৰ প্ৰথম দিনটোতে ১৭ টা উইকেটৰ পতন

পাৰ্থ ষ্টেডিয়ামৰ বলিঙবান্ধৱ পিটছৰ সুযোগ গ্ৰহণ কৰে উভয় দলৰ বলাৰসকলে। পোনতে বেট ধৰি ভাৰতীয় দলটোৱে মাত্ৰ ১৫০ ৰানতে আটাইকেটা উইকেট হেৰুৱায়। দলৰ হৈ নিতীশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক ৪১ ৰান কৰে

author-image
Asomiya Pratidin
New Update
ind vs aus

ডিজিটেল ডেস্ক : আজিৰে পৰা অষ্ট্ৰেলিয়াৰ মাটিত অনুষ্ঠিত হৈছে ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচ। পাৰ্থ ষ্টেডিয়ামৰ বলিঙবান্ধৱ পিটছৰ সুযোগ গ্ৰহণ কৰে উভয় দলৰ বলাৰসকলে। পোনতে বেট ধৰি ভাৰতীয় দলটোৱে মাত্ৰ ১৫০ ৰানতে আটাইকেটা উইকেট হেৰুৱায়। দলৰ হৈ নিতীশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক ৪১ ৰান কৰে।

Advertisment

বাকীসকল বেটছমেন সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। অষ্ট্ৰেলিয়াৰ বলিং আক্ৰমণত দিশহাৰা হৈ পৰে জয়ছোৱাল, কে এল ৰাহুল, বিৰাট কোহলিৰ দৰে তাৰকা বেটছমেন। কোনো এগৰাকী বেটছমেনে অধিক সময়ত তিষ্ঠিব নোৱাৰিলে ক্ৰিজত।

ইফালে একেই দশা ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ। বলিং সহায়ক পিটছত অধিক আক্ৰমণাত্মক হৈ উঠে ভাৰতীয় দলৰ অধিনায়ক তথা মুখ্য বলাৰ যশপ্ৰীত বুমৰাহ। বুমৰাহৰ নিয়ন্ত্ৰিত বলিঙে ধৰাশায়ী কৰি পেলাই কেংগাৰু বাহিনীক। বুমৰাহ- ছিৰাজৰ যুটিক প্ৰত্যাহ্বান জনাব নোৱাৰি প্ৰথম দিনটোত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ৭ উইকেটৰ বিনিময়ত ৬৭ ৰান। কাৰ্যতঃ প্ৰথম দিনটোৰ দুয়োটা ইনিংছত ১৭ টা উইকেটৰ পতন ঘটে।

ind vs aus test cricket