/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9faa0b7d-ade7-42e9-ad46-065a34b6c68c/hardik.jpg)
hardik
ডিজিটেল ডেস্কঃ তিনিখনীয়া টী-২০ শৃংখলাৰ খেলৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে অষ্ট্ৰেলিয়া। মঙলবাৰে প্ৰথম খন টী -২০ খেলৰ টছত জয়ী হৈ অষ্ট্ৰেলিয়াই ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।
ভাৰতে প্ৰথমে বেটিঙ কৰি কে এল ৰাহুল আৰু হাৰ্ডিক পাণ্ডিয়াৰ দৰ্শনীয় অৰ্ধ শতকৰ সহায়ত বিপক্ষ অষ্ট্ৰেলিয়াক জয়ৰ বাবে ২০৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। পাণ্ডিয়াই মাত্ৰ ৩০টা বলত ৫ টা অ'ভাৰ বাউণ্ডেৰী আৰু ৭ টা বাউণ্ডেৰীৰে ৭১ ৰাণৰ দৰ্শনীয় ইনিংছ খেলে। ৰাহুলে ৫৫ ৰাণ কৰাৰ উপৰি সূৰ্য কুমাৰে সময়োপযোগী ৪৬ ৰাণ কৰি দলক সবল স্থিতিত উপনীত কৰায়।
অন্যহাতে অনুৰাগীক নিৰাশ কৰি বেটিঙত ব্যৰ্থ হয় কোহলী আৰু ৰোহিত শৰ্মা।