Advertisment

দেশৰ ইলেক্ট্ৰনিকছ – ইঞ্জিনিয়াৰিং- কৃষিখণ্ডত ৰপ্তানিৰ হাৰ বৃদ্ধি

কৃষিখণ্ডৰ ৰপ্তানিৰ হাৰ সন্তোষজনক হোৱাটো দেশৰ বাবেই শুভ লক্ষণ বুলি অভিহিত কৰে। বিগত মাহত কৃষিখণ্ডৰ ৰপ্তানিৰ হাৰ আছিল ২৪.৯ শতাংশ।

author-image
Asomiya Pratidin
New Update
agriculture

ডিজিটেল ডেস্ক : দেশৰ ইলেট্ৰনিকছ, অভিযান্ত্ৰিককে ধৰি কৃষিখণ্ডত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। ক্ৰিছিল নাম এটি সংস্থাৰ প্ৰতিবেদন অনুসৰি অভিযান্ত্ৰিক সামগ্ৰী, ইলেক্ট্ৰনিক সামগ্ৰী, ৰাসায়নিক সামগ্ৰী, বস্ত্ৰশিল্প, সামুদ্ৰিক সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাত দেশৰ ৰপ্তানিৰ হাৰ বৃদ্ধি হৈছে।

Advertisment

অক্টোবৰ মাহত ভাৰতৰ মূল গোটৰ ৰপ্তানিৰ হাৰ ২৭.৭ শতাংশলৈ বৃদ্ধি পাইছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি হৈছে ৩৯.৪ শতাংশ।

একেদৰে ঔষধৰ ৰপ্তানি ৮.২ শতাংশ, জৈৱিক আৰু অজৈৱিক ৰাসায়নিক পদাৰ্থ ২৭.৪ শতাংশ আৰু ইলেক্ট্ৰনিক সামগ্ৰী ৪৫.৭ শতাংশ বৃদ্ধি হৈছে। এইসমূহৰ উপৰি কৃষিখণ্ডৰ ৰপ্তানি আশাব্যঞ্জক বুলি প্ৰতিবেদনত উল্লেখ কৰে।

কৃষিখণ্ডৰ ৰপ্তানিৰ হাৰ সন্তোষজনক হোৱাটো দেশৰ বাবেই শুভ লক্ষণ বুলি অভিহিত কৰে। বিগত মাহত কৃষিখণ্ডৰ ৰপ্তানিৰ হাৰ আছিল ২৪.৯ শতাংশ। লক্ষ্যণীয়ভাৱে চলিত বৰ্ষৰ অক্টোবৰত ইয়াৰ পৰিমাণ ৮৫.৮ শতাংশ লৈ বৃদ্ধি পায়। বিশেষকৈ চাউলৰ ৰপ্তানি অভাৱনীয় হাৰ বৃদ্ধি পোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰে।

আনহাতে, গহনা আদিৰ ক্ষেত্ৰতো বৃদ্ধি পাইছে ৰপ্তানিৰ হাৰ। ৰেডিমেড গাৰ্মেণ্ট টেক্সটাইলৰ হাৰ ৩৫.১ শতাংশলৈ বৃদ্ধি হৈছে। একেদৰে কাৰ্পেট, কপাহী সূতা, কাপোৰ, হস্ততাঁত সামগ্ৰী, হস্তশিল্প, চামৰা তথা চামৰাৰে তৈয়াৰী সামগ্ৰী আদিৰ ৰপ্তানিৰ হাৰ বৃদ্ধি হোৱা বুলি উল্লেখ কৰে।

চাউল ৰপ্তানি ৰপ্তানি