২০২৫ চনৰ মে’ত বৈদ্যুতিক যাত্ৰীবাহী বাহনৰ বিক্ৰী বৃদ্ধি

ফেডাৰেচন অৱ অটোম’বাইল ডিলাৰ্ছ এছ’চিয়েশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪চনৰ তুলনাত ২০২৫ত বৃদ্ধি পাইছে ইলেক্ট্ৰনিক যাত্ৰীবাহী বাহনৰ বিক্ৰী। পূৰ্বৰ বছৰত এই সময়ছোৱালৈকে এনে বাহনৰ বিক্ৰীৰ সংখ্যা ২.৬ শতাংশ আছিল

author-image
Asomiya Pratidin
New Update
ev

ডিজিটেল ডেস্ক : ফেডাৰেচন অৱ অটোম’বাইল ডিলাৰ্ছ এছ’চিয়েশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪চনৰ তুলনাত ২০২৫ত বৃদ্ধি পাইছে ইলেক্ট্ৰনিক যাত্ৰীবাহী বাহনৰ বিক্ৰী। পূৰ্বৰ বছৰত এই সময়ছোৱালৈকে এনে বাহনৰ বিক্ৰীৰ সংখ্যা ২.৬ শতাংশ আছিল যদিও ২০২৫ৰ মে’ত ইলেক্ট্ৰিক যাত্ৰীবাহী বাহনৰ বিক্ৰীৰ সংখ্যাই ৪ শতাংশ অতিক্ৰম কৰিছে।

Advertisment

মে’ত এনে বাহনৰ খুচুৰা বিক্ৰী বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ এপ্ৰিলত ৩.৫ শতাংশৰ তুলনাত ০.৫ শতাংশ বৃদ্ধি হৈ সেয়া ৪শতাংশ হৈছে। বৰ্ধিত ইলেক্ট্ৰিক বাহনৰ খুচুৰা বিক্ৰীৰ বৃদ্ধিৰ তথ্যই প্ৰমাণ কৰে যে, গ্ৰাহকে ইভি বাহন গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে।

ইলেক্ট্ৰনিক বাহনৰ খুচুৰা বিক্ৰী এই সময়ছোৱাত প্ৰায় ১২,৩০৪ ইউনিট হৈছে। যিটো ২০২৪ চনৰ মে’ ত মাত্ৰ ৮,০২৯ ইউনিটহে বিক্ৰী হৈছিল।

তথ্য অনুসৰি এপ্ৰিল মাহত খুচুৰা বিক্ৰীৰ বাবে ইলেক্ট্ৰনিক বাহনৰ ১২,২৩৩ ইউনিটত পঞ্জীয়ন কৰা হৈছিল।
আনহাতে, শুকুৰবাৰে প্ৰকাশ পোৱা এফ এ ডি এৰ তথ্য অনুসৰি যোৱা বছৰৰ একে মাহৰ তুলনাত মে’ মাহত অটো প্লেয়াৰৰ সংখ্যা ৫ শতাংশৰ সামান্য বৃদ্ধিৰ হৈছে।

ছেগমেণ্ট অনুসৰি দুচকীয়া ইলেক্ট্ৰনিক বাহনৰ বিক্ৰীয়ে পূৰ্বৰ অভিলেখ ভংগ কৰিছে। এনে বাহনৰ বিক্ৰীৰ সংখ্যা ৭.৩ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পিছতে তিনিচকীয়া বাহনৰ বিক্ৰীৰ সংখ্যা ৬.২ শতাংশ বৃদ্ধি আৰু ট্ৰেক্টৰ বিক্ৰীৰ সংখ্যা ২.৭ শতাংশ লৈ বৃদ্ধি হৈছে।

Electric Vehicle