আয়কৰ ৰেহাইঃ ২০০৫চনত আছিল ১লাখ, ২০২৫ত ১২লাখলৈ বৃদ্ধি...

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰিছে যে, বাৰ্ষিক ১২লাখ টকা পৰ্যন্ত আয় কৰা লোকে এতিয়াৰে পৰা দিব নালাগে আয় কৰ। এতিয়া জানো আহক কোন

author-image
Asomiya Pratidin
New Update
আয়কৰ ৰেহাই

আয়কৰ ৰেহাই Photograph: (আয়কৰ ৰেহাই)

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰিছে যে, বাৰ্ষিক ১২লাখ টকা পৰ্যন্ত আয় কৰা লোকে এতিয়াৰে পৰা দিব নালাগে আয় কৰ। এতিয়া জানো আহক কোন বছৰত কিমান টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল। 

২০০৫চনত ১লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল বাজেটত। ইয়াৰ পিছতে ২০১২চনত ২লাখ টকা পৰ্যন্ত আয় কৰা লোকৰ ক্ষেত্ৰত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল। ২০১৪চনত এই সীমা আছিল ২.৫লাখ, ২০১৯চনত ৫লাখ আৰু ২০২৩চনত এই সীমা বৃদ্ধি কৰি কৰা হৈছিল ৭লাখলৈ। 

ইয়াৰ পিছতে এতিয়া ২০২৫-২৬বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে, ১২লাখ টকা পৰ্যন্ত দিব নালাগে কোনো আয়কৰ। ইয়াৰ বিপৰীতে এইবেলি বাজেটত আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰ কৰা হৈছে।

নিৰ্মলা সীতাৰমণ