/asomiyapratidin/media/media_files/2025/06/30/274-2025-06-30-09-50-59.jpg)
ডিজিটেল সংবাদ, বোকাখাত : দেওবাৰে নিশা বোকাখাতত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীয়ে চলোৱা এই এনকাউণ্টাৰত গুলিবিদ্ধ হয় চহৰখনৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত অভিযুক্ত ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা।
উল্লেখযোগ্য যে, আৰক্ষীক লুকুৱাই ৰখা মাৰণাস্ত্ৰ দেখুৱাবলৈ নিওতেই সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা। লুকুৱাই ৰখা পিষ্টলেৰে আৰক্ষীলৈ গুলিচালনা কৰাৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিচালনা কৰে দুয়োজনলৈ। ফলত ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱাৰ ভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে দুয়োজনকে উন্নত চিকিৎসাৰ বাবে নিশাই যোৰহাট মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, ২৪ জুনৰ বোকাখাতৰ পানবাৰীৰ চি আৰ পি এফৰ কেম্পৰ গ্ৰেনেড বিস্ফোৰণত জড়িত আছিল অভিযুক্ত ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা। গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত অংকুৰ দাস আৰু ৰূপজ্যোতি দাসক গ্ৰেনেড যোগান ধৰিছিল ভৱেশ আৰু সঞ্জীৱে।
আনহাতে এই ঘটনাৰ পাছতে ২৬ জুনত আৰক্ষীয়ে তেজপুৰ আৰু লক্ষীমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দুয়োকে। এতিয়ালৈকে গ্ৰেনেড বিস্ফোৰণত জড়িত ৬ গৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।