ঢকুৱাখনাত অঘটন : হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ গৈ সন্ধানহীন পৰীক্ষাৰ্থী...

ঢকুৱাখনাত সন্ধানহীন হৈছে এগৰাকী কিশোৰী । চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ  নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকী হৈছে দিম্পি ৰাণী পাতিৰ ।

author-image
Asomiya Pratidin
New Update
পৰীক্ষা দিবলৈ গৈ সন্ধানহীন পৰীক্ষাৰ্থী

পৰীক্ষা দিবলৈ গৈ সন্ধানহীন পৰীক্ষাৰ্থী

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাত সন্ধানহীন হৈছে এগৰাকী কিশোৰী । চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ  নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকী হৈছে দিম্পি ৰাণী পাতিৰ ।

Advertisment

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত সোমবাৰে পৰীক্ষা দিবলৈ গৈছিল ঢকুৱাখনা সদৰ থানাৰ অন্তর্গত আলিমুৰ দাংধৰাৰ এইগৰাকী পৰীক্ষাৰ্থী । ঢকুৱাখনাৰ কাইজেন একাডেমীৰ ছাত্ৰীগৰাকী নিজা ঘৰৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ পাছৰ পৰাই নিৰুদ্দেশ হোৱা বুলি অভিভাৱকে জানিবলৈ দিছে। 

ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালে সন্ধানহীন সন্দৰ্ভত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । এই সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে ।

কিশোৰী ছাত্ৰীগৰাকীৰ সন্ধানহীন হোৱাৰ কাৰণ সন্দৰ্ভত পৰিয়ালৰ সূত্ৰই একো অৱগত কৰা নাই আৰক্ষীক । সদৰ থানাৰ আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মবাইল ফোনৰ জৰিয়তে  অৱস্থিতিৰ সন্ধান চলাই কিছু অগ্ৰগতি লাভ কৰিছে । নিৰুদ্দিষ্ট পৰীক্ষাৰ্থীগৰাকীৰ সন্ধান পালে অভিভাৱকৰ ৯৬৭৮৮ ৩৮৮৯৫ নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে।

dhakuakhana