চিৰাঙত অঘটন : ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহীক...

বৃহস্পতিবাৰৰ বিয়লিৰ ভাগত চিৰাং জিলাৰ সীমান্তৱৰ্তী বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰে মহতিয়াই নিলে এগৰাকী স্কুটী আৰোহী ছাত্ৰীক ।

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, চিৰাং : বৃহস্পতিবাৰৰ বিয়লিৰ ভাগত চিৰাং জিলাৰ সীমান্তৱৰ্তী বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰে মহতিয়াই নিলে এগৰাকী স্কুটী আৰোহী ছাত্ৰীক । তীব্ৰ গতিত অহা AS-26AC-0178 পঞ্জীয়ন নম্বৰৰ ডাম্পাৰখনে বিপৰীত দিশৰ পৰা আহি থকা AS-26G-7006 পঞ্জীয়ন নম্বৰৰ স্কুটীখনক মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় স্কুটি আৰোহী তথা ছাত্ৰীগৰাকী ।

Advertisment

ডাম্পাৰৰ খুন্দাত নিহত ছাত্ৰীগৰাকী চিৰাং পলিটেকনিকৰ ছাত্ৰী বুলি জানিব পৰা গৈছে যদিও সম্পূৰ্ণ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । উক্ত পথ দুৰ্ঘটনাক কেন্দ্ৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। 

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

chirang