/asomiyapratidin/media/media_files/2025/06/19/204-2025-06-19-20-54-36.jpg)
ডিজিটেল সংবাদ, নগাঁও : অৱশেষত উদ্ধাৰ হ’ল নগাঁৱৰ কঠিয়াতলীত নিৰুদ্দেশ হোৱা যুৱক । নগাঁও জিলাৰ অন্তৰ্গত ননৈৰ ননৈ নদীত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় কঠিয়াতলীৰ আবুল হুছেইনক ।
উল্লেখ্য যে ১১ জুনৰ বিয়লি নিজৰ পালচাৰ বাহনসহ নিৰুদ্দেশ হৈ আছিল আবুল হুছেইন নামৰ যুৱকজন । ৮ দিন ধৰি কোনো সন্ধান লাভ নকৰা যুৱকজনৰ মৃতদেহ ননৈ ননৈত উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি তীব্ৰ চঞ্চল্য বিৰাজ কৰিছে ।
১৯ জুন বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে এছ ডি আৰ এফৰ জৰিয়তে এক বিশেষ খবৰৰ ভিত্তিত ননৈ অনুসন্ধান কৰি এটা মৃতদেহ উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা মৃতদেহটো ননৈত প্ৰাথমিক অৱস্থাত দেখি পৰিয়ালৰ লোকে আবুল হুছেইন বুলি সন্দেহ কৰে যদিও মৰণোত্তৰ পৰীক্ষা অনন্তহে প্ৰকৃততে আবুল হুছেইন বুলি হয় নহয় উলিয়াই পৰিব ।
আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে । তদন্তৰ পিছতে ওলাই পৰিব প্ৰকৃত ঘটনাৰ ৰহস্য ।