প্ৰাচীৰ পত্ৰিকা 'ভিবজিঅ'ৰ' উন্মোচন

গোলাঘাট নগৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ১০ জুলাইত অনুষ্ঠিত হ'বলগীয়া  ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত বুধবাৰে শিক্ষানুষ্ঠানখনৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
348

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট নগৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ১০ জুলাইত অনুষ্ঠিত হ'বলগীয়া  ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত বুধবাৰে শিক্ষানুষ্ঠানখনৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ' ভিবজিঅ' ৰ ' শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাই ।

Advertisment

উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে। ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তুলেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বন্তি প্ৰজ্বলন কৰে ৰেক্টৰ গৰাকীয়ে।

উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ৰাজশ্ৰী গগৈ বেজবৰুৱা আৰু ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালন সঞ্চালক দীপক কুমাৰ গগৈ। মুখ্য অতিথিক এখনি ফুলাম গামোচা,  এটা মেমেণ্ট আৰু এখন সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

প্ৰাচীৰ পত্ৰিকা খন প্ৰকাশ কৰি উলিওৱা সম্পাদনা সমিতিৰ সদস্য ক্ৰমে মণীষা বৰা, পিংকি তামুলী আৰু কাশ্মিৰী শইকীয়া আৰু প্ৰাচীৰ পত্ৰিকাখন পূৰ্ণাংগ ৰূপত সজাই তোলা ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰিন্সি শৰ্মা, হিমান্ত্ৰিকা বৰা, ৰিয়া ফুকন শইকীয়া,  প্ৰিয়ম দাস,  কংকনা গগৈ আৰু কংকনা কলিতাৰ সমূহীয়া প্ৰচেষ্টাৰ শলাগ লয় মুখ্য অতিথিগৰাকীয়ে আৰু তেওঁলোকক একোখনকৈ মানপত্ৰ প্ৰদান কৰে।

অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ সভাপতি গৰাকীয়ে  কেইবাটাও কবিতা আবৃত্তি কৰে। শিক্ষয়িত্ৰী মণীষা বৰাই আঁত ধৰা প্ৰাচীৰ পত্ৰিকা উন্মোচনী অনুষ্ঠানত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উপাধ্যক্ষ লক্ষ্যজ্যোতি দুৱৰা প্ৰমুখ্যে অন্যান্য শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত সকলোকে লঘু আহাৰ আগবঢ়াই দীপালী শৰ্মাই ।

গোলাঘাট