/asomiyapratidin/media/media_files/2025/07/03/296-2025-07-03-00-24-19.jpg)
ডিজিটেল ডেস্ক : বিশ্ববিখ্যাত বেদান্ত আচার্য মহাৰাজ স্বামী চিন্ময়ানন্দৰ অনুগামীসকলৰ দ্বাৰা ১৯৫৩ চনত ভাৰতত প্ৰতিষ্ঠা কৰা চিন্ময় মিছন গুৱাহাটী শাখাই মহানগৰীৰ ছয়মাইলত ৫দিনীয়াকৈ আয়োজন কৰিছে গ্ৰীষ্মকালীন শিবিৰ “ৰেইনবো কেম্পৰ।“ সংস্থাটোৰ ছয়মাইলস্থিত প্ৰাংগণত ২ জুলাইৰ পৰা ৬জুলাইলৈকে এই কেম্পৰ আয়োজন কৰিছে।
উক্ত অনুষ্ঠানৰ প্ৰথম দিনটোত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিম্পল বৰুৱাই। তাৰোপৰি এই অনুষ্ঠানত উপস্থিত থাকে চিন্ময় মিছন গুৱাহাটীৰ আবাসিক ইন-চাৰ্জ ব্রহ্মচাৰিণী অনন্য চৈতন্যসহ আন আন সদস্যসকল। লগতে ৬৫ৰো অধিক শিশু উপস্থিত থাকে।
অনুষ্ঠানৰ প্ৰথমটো দিনত শিশুসকলক গীত-মাত আদিৰ লগতে ভজন শিকোৱা হয় বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। তাৰোপৰি উদ্যোক্তাসকলৰ তৰফৰ উপস্থিত শিশুসকলৰ মাজত লঘু আহাৰো বিতৰণ কৰা হয়।