/asomiyapratidin/media/media_files/2025/05/18/87SHE32XNkWoarJzvoDy.jpg)
পাটাছাৰকুছি প্রেছ ক্লাবৰ বৰ্দ্ধিত ৰূপত পুনৰ নিৰ্মিত কার্যালয় ভৱনৰ উদ্বোধন
ডিজিটেল সংবাদ, পাটাছাৰকুছি : যি সময়ত সাংবাদিকৰ প্ৰতি আস্থা আৰু বিশ্বাস তুলনামূলকভাৱে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে, তেনে সময়তে বিশ্বাস আৰু আস্থা অটুত ৰাখি সততাৰে নিৰৱচ্ছিন্নভাৱে পাটাছাৰকুছিৰ পৰা সংবাদ সেৱা কৰা সাংবাদিকসকলক সমাজ জীৱনৰ প্ৰতিচ্ছবি অঞ্চলটোৰ পৰা দাঙি ধৰি কৰা সেৱাৰ দ্বাৰা অঞ্চলটোক প্ৰতিফলিত কৰাৰ বাবে কৰি অহা চেষ্টা ভবিষ্যতেও অব্যাহত ৰখাৰ আহ্বান জনালে স্থানীয় বিধায়ক তথা মন্ত্রী ৰনজিৎ কুমাৰ দাসে।
দেওবাৰে পাটাছাৰকুছি প্ৰেছ ক্লাবৰ পুনৰ নিৰ্মিত কাৰ্যালয় গৃহটো স্থানীয় ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ ভৱনটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, এই ক্লাবৰ সাংবাদিকসকলে যথেষ্ট কষ্ট কৰি কাম কৰে। মন্ত্ৰীগৰাকী নিজেও এসময়ত এগৰাকী সাংবাদিক হিচাপে কাম কৰাৰ অভিজ্ঞতাৰ কথা সোঁৱৰে আৰু সাংবাদিকসকলে কৰা কষ্ট অনুধাবন কৰিব পাৰো বুলিও উল্লেখ কৰে ৷
পাটাছাৰকুছি প্ৰেছ ক্লাবৰ ভাল গৃহ এটি নথকাত সাংবাদিকসকলে ভোগ কৰি অহা অসুবিধাৰ কথা দৃষ্টিগোচৰ হোৱাত গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰি সুখী হোৱা বুলিও কয় ৷ এই উপলক্ষে পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি তথা সাংবাদিক নৱকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পাটাছাৰকুছিৰ সাংবাদিকসকলৰ কাম কাজক প্ৰসংশা কৰে।
/asomiyapratidin/media/media_files/2025/05/18/DoW7364v3lkERDMsPlm6.jpg)
লগতে নৱনিৰ্মিত ভৱনটোৰ সুব্যৱহাৰ কৰিলে ইয়াত ব্যয় হোৱা ধনৰ সুব্যৱহাৰ হ’ব বুলি উল্লেখ কৰে ৷ সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্রাক্তন মফচলীয় সাংবাদিক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকায়ো ভাষণ প্ৰদান কৰে।
সভাত আমিনুল হকে উদ্বোধনী পৰ্বৰ আঁত ধৰাৰ লগতে সহকাৰী সম্পাদক উৎপল মেধিয়ে উদ্দেশ্য ব্যাখ্যা আৰু সম্পাদক বিৰাজ কলিতাই শলাগৰ শৰাই আগবঢ়ায়। সভাত প্ৰাক্তন সাংবাদিক ক্ৰমে দিলীপ কুমাৰ ৰয়, হিতেশ চন্দ্ৰ গোস্বামী, নিতুল শৰ্মা, পৌৰপতি জয়ন্ত তহবিলদাৰ, শিৱধাম সমিতিৰ সভাপতি নলিনী কুমাৰ শৰ্মা, থানা নাগৰিক সমিতিৰ সভাপতি শৈলজানন্দ গোস্বামী, অবসৰী অধ্যক্ষ ধৰনীধৰ ৰয়, অবসৰী উপাধ্যক্ষ অপূৰ্ব শৰ্মা, বি জে পি নেতা ৰাজীৱ শৰ্মা, প্ৰাগজ্যোতি ক্লাবৰ সভাপতি ৰফিকুল হক, কৈলাস ডেকা, হেমন্ত কলিতা, ডিম্বেশ্বৰ শৰ্মা, মৃন্ময় শৰ্মা, গৌতম গোস্বামী, ৰুদ্ৰ কলিতা, কৈলানী দেৱী, কবিতা দেৱী আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷