ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনত গৌৰীপুৰত ৰাষ্ট্ৰীয় কৃষি বজাৰ উদ্বোধন

ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনত বহুদিন ধৰি অপেক্ষিত ৰাষ্ট্ৰীয় কৃষি বজাৰ (e-NAM) খন সোমবাৰে বিয়লি ধুবুৰীৰ গৌৰীপুৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানত ধুবুৰী জিলাৰ জিলা আয়ুক্ত দিৱাকৰ নাথ উপস্থিত থাকি ফিতা কাটি বজাৰখনৰ শুভাৰম্ভ কৰে

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় কৃষি বজাৰ উদ্বোধন

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনত বহুদিন ধৰি অপেক্ষিত ৰাষ্ট্ৰীয় কৃষি বজাৰ (e-NAM) খন সোমবাৰে বিয়লি ধুবুৰীৰ গৌৰীপুৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানত ধুবুৰী জিলাৰ জিলা আয়ুক্ত দিৱাকৰ নাথ উপস্থিত থাকি ফিতা কাটি বজাৰখনৰ শুভাৰম্ভ কৰে।

Advertisment

এপাৰ্ট আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই আধুনিক বজাৰখনত হোলছেলাৰ ছেড, ৰিটেইলাৰ ছেড, নিলাম মঞ্চ, পানীয় জল আৰু শৌচাগাৰ আদি সুবিধা উপলব্ধ। যাৰ মূল উদ্দেশ্য হ’ল- অঞ্চলটোত কৃষি ব্যৱসায় অধিক উন্নত আৰু আধুনিক কৰা।

সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত  দিৱাকৰ নাথে বহুদিনৰ পৰা অপেক্ষিত e-NAM বজাৰখন সফলভাৱে আৰম্ভ হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ সকলো কৃষক, হোৱেলছেলাৰ আৰু কৃষি উৎপাদকক e-NAM প’ৰ্টেলত নামভৰ্তি কৰিবলৈ আহ্বান জনায়।

য’ত সুদৃঢ়, স্বচ্ছ মূল্য ব্যৱস্থা আৰু ডাঙৰ বজাৰ সংযোগ উপলব্ধ। তেওঁ সকলো অংশীদাৰক বজাৰখনত সক্ৰিয়ভাৱে ব্যৱসায়িক কৰ্মত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই আৰু যিকোনো সমস্যা ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, গৌৰীপুৰৰ জৰিয়তে সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। 

জিলা কৃষি বিষয়া তথা অধ্যক্ষ আজিম আহমেদে সভাত উপস্থিত থাকি সকলো কৃষকক e-NAM প’ৰ্টেলত নামভৰ্তি কৰি বজাৰখনৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। উপস্থিত হোলছেলাৰ সকলে গুদাম সুবিধা আৰু বজাৰ পৰিচালনা কৰিবলৈ এটা কমিটি গঠনৰ দাবী উত্থাপন কৰে।

ইয়াৰ উত্তৰত অধ্যক্ষগৰাকীয়ে সঁহাৰি জনাই কয় যে গুদাম নিৰ্মাণৰ বাবে প্ৰস্তাৱ ইতিমধ্যে প্ৰস্তুত হৈ আছে আৰু সোনকালে কাৰ্যৰূপে বাস্তৱায়িত হ’ব। লগতে, বজাৰৰ সুচল পৰিচালনাৰ বাবে এটা কমিটিও ক্ৰমে গঠন কৰা হ’ব বুলি তেওঁ নিশ্চিত প্ৰদান কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলা কৃষি বিষয়া আজিম আহমেদ, অসম ষ্টেট মাৰ্কেটিং ব’ৰ্ডৰ অভিযন্তা দেবব্ৰত শইকীয়া, ধুবুৰীৰ সহকাৰী কৃষি বিষয়া মৃণালকান্তি কচাৰী, ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সম্পাদক গিৰিধৰ কুণ্ডুৰ লগতে কৃষি বিভাগৰ বিষয়াসকল, বজাৰ সমিতিৰ সদস্য, আগশাৰীৰ কৃষকসকল, হোলছেলাৰ আৰু ৰিটেইলাৰৰ প্ৰতিনিধিসকল।

কৃষি