/asomiyapratidin/media/media_files/2025/12/29/545-2025-12-29-21-14-12.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহবাগিছাৰ আদৰ্শ বিদ্যালয়ত সোমবাৰে অসম চৰকাৰৰ নতুন আঁচনি স্বাস্থ্যৱান শ্ৰমিক যোজনাৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ চাহ বাগিচাৰ জনগণৰ সুস্বাস্থ্যৰ হকে সাৰ্বজনীন স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা ,উচ্চ ৰক্তচাপ,মধুমেহ আদি ৰোগৰ পৰীক্ষা তথা চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব।
উক্ত অনুষ্ঠানত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডা° ক্ষিৰোদকমল হাজৰিকা, ফুলবাৰী জিলা পৰিষদৰ সদস্য বিকি তাঁতীৰ লগতে স্বাস্থ্য বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us