Advertisment

ভাৰত-ভূটান সংযোগী ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কামৰ শুভাৰম্ভ

ৰুণীখাতাৰ ভুৰ তিনিআলিৰ পৰা ভুটানৰ গেলেফু চহৰলৈ প্ৰায় ১৬ কোটি টকা ব্যয় সাপেক্ষে ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ।

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সংযোগী ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কামৰ শুভাৰম্ভ

ভাৰত-ভূটান সংযোগী ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কামৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, চিৰাং : বুধবাৰে চিৰাং জিলাৰ ভুৰ তিনিআলিত ভাৰত-ভূটান সংযোগী ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰা হয় । ৰুণীখাতাৰ ভুৰ তিনিআলিৰ পৰা ভুটানৰ গেলেফু চহৰলৈ প্ৰায় ১৬ কোটি টকা ব্যয় সাপেক্ষে ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ।

Advertisment
ভাৰত-ভূটান সংযোগী ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কামৰ শুভাৰম্ভ
ভাৰত-ভূটান সংযোগী ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কামৰ শুভাৰম্ভ

 

এই সময়ছোৱাত উপস্থিত থাকে কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ইউপিপিএল দলৰ নেতা অমৰ সিং ব্ৰহ্ম, বীৰদাও মুছাহাৰী আৰু উদ্যমী ঠিকাদাৰ ৰাজু বসুমতাৰীসহ অন্যান্য আমন্ত্ৰিত লোক সকল। উল্লেখ্য যে চিৰাং জিলাৰ ছামথাইবাৰীৰ পৰা ভুটানৰ গেলেফু চহৰলৈ সংযোগী ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ভুৰ তিনিআলিলৈকে পকীকৰণ কৰা হৈছিল যদিও ভুৰ তিনিআলিৰ পৰা গেলেফু গেটলৈ ২৫ কিলোমিটাৰ পথ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছিল । 

ভাৰত-ভূটান সংযোগী ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কামৰ শুভাৰম্ভ
ভাৰত-ভূটান সংযোগী ১২৭ (চি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনঃ নিৰ্মাণ কামৰ শুভাৰম্ভ

 

যাৰ ফলত উক্ত পথেদি যাতায়াত কৰা দুয়ো দেশৰ নাগৰিকসকলে যমৰ যাতনা ভুগিব লগা হৈছিল । ভুটানৰ লাইফলাইন হিচাপে পৰিচিত এই গুৰুত্বপূৰ্ণ পথছোৱাৰ পুনঃ নিৰ্মাণৰ বাবে ভুটান কৰ্তৃপক্ষৰ উপৰি বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল। আজি উক্ত জৰাজীৰ্ণ পথছোৱাৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে চৰকাৰৰ শলাগ লয় স্থানীয় ৰাইজ থকা দল সংগঠনে ।

chirang