/asomiyapratidin/media/media_files/2025/02/22/vyXTjtr9kKrzdA6EeyoO.jpg)
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটত পি-এইচ ডি পাঠ্যক্ৰমৰ উদ্বোধন
ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটত চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা পি, এইচ, ডি পাঠ্যক্ৰমৰ শনিবাৰে উদ্বোধন কৰা হয়। বৰগীত আৰু বিশ্ববিদ্যালয়ৰ সঙ্গীত পৰিৱেশনেৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানটিৰ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক মৃদুল হাজৰিকাই।
তেওঁ ভাষণ প্ৰসঙ্গত সামাজিক প্রকার্য সাধনত গৱেষণাৰ গুৰুত্ব, গৱেষণাৰ স্বৰূপ, বস্তুনিষ্ঠতা, বিষয়বস্তুৰ স্বচ্ছতা, চৌর্যবৃত্তি আদিৰ বিষয়ে আলোচনা কৰে। গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰি চিলাৰায় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড° দ্বিজেন্দ্ৰনাথ ভকতে তেওঁৰ বক্তব্যত পশ্চিম অসমৰ শিক্ষা ক্ষেত্ৰত গৱেষণাৰ প্ৰয়োজনীয়তা, গৱেষণাৰ সমলৰ বিষয়ে বিশদভাৱে আলোকপাত কৰে।
বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ তৰফৰ পৰা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° তাপসী মজুমদাৰে গৱেষণাৰ দৃষ্টিকোণ সম্পর্কে বক্তব্য প্ৰদান কৰে। প্রমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড° গীতা সৰকাৰ, মৰিয়ম আজমল চিনিয়ৰ চেকণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ড° লাৱণ্য ভকত, অৱসৰপ্ৰাপ্ত বন বিষয়া পৰিমল ৰায়, বিলাসী পাৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° হৰিচৰণ দাসে নিমন্ত্রিত অতিথিৰূপে অনুষ্ঠানটিৰ সৌষ্ঠব বৃদ্ধি কৰে।
/asomiyapratidin/media/media_files/2025/02/22/TQnWzsLepT1Pqv91oXqY.jpg)
অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° অৰ্চনা শইযকীয়াই আঁত ধৰা অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ কলাগুৰু ড° প্রমথেশ বায়ন, বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটৰ পৰিৱেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপিকা ড° জয়শ্রী চৌধুৰী আৰু গণনামূলক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ সহকাৰী অধ্যাপক ড° কৌশিক কুমাৰ ভৰদ্বাজ, বিশ্ববিদ্যা লয়ৰ ধুবুৰী গোটৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা প্রিয়ংকা ভাগৱতী, ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° মেৰিনা মেহজা বিন, সহকাৰী অধ্যাপক ৰণ্টু বৰা, শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা স্বর্ণালী মণ্ডল, বৰ্ণা ৰয় আৰু ইংৰাজী বিভাগৰ শিক্ষা সহযোগী ইন্দ্ৰজিৎ পালৰ লগতে গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।