/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8b8512e4-3326-4c7c-8ed8-19031b9b603d/BIHPURIYA.jpg)
BIHPURIYA
ডিজিটেল সংবাদ,বিহপুৰীয়াঃ লখিমপুৰ জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বৰাজ অভিযান ২০১৮-১৯ বৰ্ষৰ অধীনত নৱনিৰ্মিত বদতি জামুগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় গৃহৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ এই উদ্দেশ্যে পুৱা ৯ বজাত স্থানীয় ভকত সকলৰ দ্বাৰা নাম-কীৰ্তন অনুষ্ঠানৰ পিছতে স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাই আনুষ্ঠানিকভাৱে কাৰ্যালয় গৃহটো উদ্বোধন কৰে আৰু তাৰ উদ্দেশ্যে বদতি জামুগুৰি নাট্য সমাজৰ প্ৰেক্ষাগৃহ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ।
বদতি জামুগুৰি গাঁও পঞ্চায়তৰ সচিৱ ৰাজেন ৰয়ে আঁত ধৰা সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী অভিযন্তা ত্ৰিপুৰেন্দ্ৰ পাটৰে। ভাষণ প্ৰসংগত বিষয়া গৰাকীয়ে লখিমপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱসৰ গুৰুত্ব আৰু কাৰ্যসূচী সম্পৰ্কে বাখ্যা দাঙি ধৰে ৷
সভাত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ভাষণ প্ৰদান কৰি বিহপুৰীয়া সমষ্টিত ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰে।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বদতি জামুগুৰি নাট্য সমাজৰ সম্পাদক জগত বৰা, বিহপুৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি দীপক সভাপণ্ডিত, বদতি জামুগুৰি গাওঁ পঞ্চায়তৰ সভাপতি ভবেন হাজৰিকা, আঞ্চলিক সদস্যা চানীয়া দলে, বিহপুৰীয়াৰ খণ্ড উন্নয়ন বিষয়া ভৃগুপতি ৰায় আদি গন্য মান্য ব্যক্তি সকলে ভাষণ প্ৰদান কৰে ৷
স্থানীয় ৰাইজ আৰু বদতি জামুগুৰি নাট্য সমাজৰ বিষয়বীয়া কৰ্মী সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত কাৰ্যবাহী অভিযন্তা বিজেন্দ্ৰ জয়চোৱাল, শিক্ষক তথা সমাজকৰ্মী মনোৰঞ্জন শৰ্মা, বদতি জামুগুৰি নাট্য সমাজৰ উপ-সভাপতি নৱ কুমাৰ বৰুৱা, পঞ্চায়ত গৃহ নিৰ্মাণ কৰা ঠিকাদাৰ খগেন হাজৰিকা,কনিষ্ঠ অভিযন্তা ত্ৰিদিপ গগৈ আদি কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উল্লেখযোগ্য যে, পঞ্চায়ত গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আগবঢ়াই বদতি জামুগুৰি নাট্য সমাজে ৷ ইপিনে বিহপুৰীয়াৰ নগৰত আজি লখিমপুৰ জিলা প্ৰতিষ্ঠা দিৱসক কেন্দ্ৰ কৰি বিশাল সাংস্কৃতিক শোভাযাত্ৰা কৰা হয় ৷
বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদশৰ্নৰে প্ৰদৰ্শন কৰা এই শোভাযাত্ৰা উদ্বোধন কৰে স্থানীয় বিধায়ক গৰাকীয়ে ৷ দুৰ্গা পূজাৰ আনন্দৰ মাজতে জিলাখনৰ প্ৰতিষ্ঠা দিৱসৰ অংশ স্বৰূপে এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷