/asomiyapratidin/media/media_files/2025/01/10/PDP64lKvqksVdw9lXetm.jpg)
ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ শুভ উদ্বোধন
ডিজিটেল সংবাদ, নগাঁও : সাধাৰণ মানুহক আজিকালি মই কেনে আছে বুলি নোসোধো। কাৰণ সাধাৰণ মানুহ এতিয়া ভালে নাই। দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া মানুহে ঢাকি পেলাইছে সাধাৰণ মানুহৰ জীৱনযাত্ৰা। গ্ৰন্থমেলাত আহি লগ পোৱা মানুহৰ মাজত প্ৰকৃত মানুহক লগ পাওঁ বাবেই অকল অসমতেই নহয় সমগ্ৰ বিশ্বতে গ্ৰন্থৰ সুবাস লবলৈ ভ্ৰমি ফুৰো আৰু মানুহৰ জীৱন প্ৰণালীক তেজত লৈ আহোঁ - এই মন্তব্য বিশিষ্ট কবি নীলিম কুমাৰৰ।
শুকুৰবাৰৰ পৰা নগাঁও জিলাৰ ননৈৰ মাধৱ কন্দলী ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবিগৰাকীয়ে বক্তব্যৰ লগতে কেইবাটাও বিখ্যাত কবিতা পাঠ কৰি গ্ৰন্থমেলাস্থলী কাব্যময় ধ্বনিৰে প্ৰতিধ্বনিত কৰি তোলে। ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ সভাপতি ড° বসন্ত বৰাই পুৱা ৯-০০বজাত পতাকা উত্তোলনৰে আৰম্ভ কৰা গ্ৰন্থ উৎসৱ আৰু কৃষিমেলা অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হয় অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা।
অৱসৰপ্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰ, ভূৱন গগৈ, সমাজসেৱক পুনিৰাম শইকীয়া, কলংপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি গুণকান্ত বৰা, সাংবাদিক, লেখক মোলান লস্কৰ, শিশু বন্ধু দুলাল বৰা, নজিফুৰ ৰহমান , জয়নল আবেদিন, ঘন বৰাকে প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গোভা ৰজা দীপসিং দেওৰজাৰ আগমনৰ লগে লগে গ্ৰন্থমেলাস্থলীত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।
/asomiyapratidin/media/media_files/2025/01/10/U0f8brcZbFCrSWWWDluz.jpg)
গোভা ৰজাই ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ দ্বাৰ উন্মোচন কৰি কয় যে বগা চাহাবক ভাৰতৰ পৰা খেদাত তিৱাসকলৰ অৱদান আছিল অপৰিসীম। পাছে তিৱাসকলৰ কথা বুৰঞ্জীত তেনেকৈ উল্লেখ নাথাকিল। কেৱল তিৱাসকলক এটা জনজাতীয় সম্প্ৰদায়ৰ মাজতেই সীমাবদ্ধ কৰি ৰখা হ'ল।
/asomiyapratidin/media/media_files/2025/01/10/HKH9VVspIZIPGpuXy5k4.jpg)
লগতে কয়- গ্ৰন্থমেলাই মানুহৰ মনবোৰত জ্ঞানৰ পোখা ৰোপণ কৰে। সেয়ে এনে গ্ৰন্থমেলা সকলো ঠাইতে উদযাপন হ'ব লাগে আৰু বৌদ্ধিক পৰিবেশ সৃষ্টিত অৰিহণা যোগাব লাগে। ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলা উদযাপন সমিতিৰ এই পদক্ষেপ অতি আদৰণীয় বুলিও গোভা ৰজাগৰাকীয়ে মন্তব্য কৰে।
আন এগৰাকী বিশিষ্ট ব্যক্তি তথা ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বোচ্চ গ্ৰন্থ ৰচনাৰে একক আৰু অদ্বিতীয় স্থানত অধিষ্ঠিত কিতাপৰ ৰজা খ্যাত বিশিষ্ট লেখক, ঔপন্যাসিক ৰঞ্জু হাজৰিকা উপস্থিত থাকি কয় যে গ্ৰন্থমেলা সদায় শিশুসকলৰ বাবে অনুষ্ঠিত কৰিব লাগে। শিশুসকলৰ জৰিয়তেই আমাৰ দেশৰ ভৱিষ্যত গঢ়া হয়। শিশুসকলৰ মাজত শিক্ষাৰ পৰিবেশ এটি গঢ়ি দিব পাৰিলে সমাজৰ সকলো অপৰাধ নিৰাময় হৈ পৰিব।
/asomiyapratidin/media/media_files/2025/01/10/UgXaImXqSRj2uAJSARYr.jpg)
ইয়াৰ পাছতেই অনুষ্ঠিত হোৱা পাঠকৰ অন্তৰংগ অনুষ্ঠানত ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সুবক্তা মোহিনী মোহন ডেকা, কবি গুণ শৰ্মা, বিশিষ্ট উদ্যোগী আবদুৰ ৰহমান, লেখিকা জয়ন্তী বৰাকে প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। দিনৰ ২-৩০ বজাৰ পৰা আৰম্ভ হোৱা মুকলি কুইজত কাষৰীয়া অঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু এই মুকলি কুইজ প্ৰতিযোগিতা চলাই বিশিষ্ট কুইজ মাষ্টাৰ মুকুট ভূঞাই।
সহযোগী হিচাপে উপস্থিত থাকে যজ্ঞেশ্বৰ শৰ্মা আৰু কবি সঞ্জীৱ সাগৰ চৌধুৰী। আবেলি ৪-০০বজাৰ পৰা অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। ইয়াৰ পাছতেই প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে।
উল্লেখ্য যে ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাত ছাত্ৰ-ছাত্ৰীসকলৰ ভিৰ তাৎপৰ্যপূৰ্ণ। তেওঁলোকে গ্ৰন্থ বিপণীসমূহত কৌশিক নন্দন বৰুৱাৰ বেষ্ট চেলাৰ বুক হিচাপেখ্যাত নিৰিবিলি, সৰা ফুল আৰু ৰাধা বিচাৰি ভিৰ কৰি তুলিছে ননৈৰ মাধৱ কন্দলী ক্ষেত্ৰ।