/asomiyapratidin/media/media_files/2025/04/26/aZ3ZCHuJpQc5WzNUEzJw.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : শনিবাৰে আনুষ্ঠানিকভাৱে ধুবুৰীৰ নৱনিৰ্মিত পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱনটোৰ শুভ উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈয়ে । এই উপলক্ষে আজি দিনৰ ১১ বজাত নৱনিৰ্মিত জিলা ন্যায়িক আদালতৰ ভৱন চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।
উক্ত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা ধুবুৰী জিলা ন্যায়ালয়ৰ পোৰ্টফলিঅ' জাজ সৌমিত্ৰ শইকীয়া, ধুবুৰী জিলা সত্ৰ ন্যায়াধীশ বাবলু সূত্ৰধৰ, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি এন আই চৌধুৰীৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, জিলা ন্যায়ালৰ কৰ্মচাৰী, আৰক্ষীৰ শীৰ্ষ বিষয়াকে ধৰি ধুবুৰী আদালতৰ অধিবক্তাসকল উপস্থিত থাকে।
অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈয়ে ধুবুৰীৰ নৱনিৰ্মিত পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱনটো আজিৰে পৰা মুকলি হোৱা বুলি কৈ এতিয়াৰে পৰা জিলা ন্যায়ালয়ৰ উপৰি বিভিন্ন জনে কাম-কাজৰ ক্ষেত্ৰত বহু সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে।