আউলাচৌকা গাঁও পঞ্চায়তৰ নতুন কাৰ্যালয় ভৱন উদ্ধোধন

পঞ্চদশ বিত্তীয় আয়োগৰ আৱণ্টিত ধনৰ দ্বাৰা নিৰ্মাণ হোৱা আউলাচৌকা গাঁ‌ও পঞ্চায়ত কাৰ্যালয়ৰ ভৱনটি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক বসন্ত দাসে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গাঁও পঞ্চায়তৰ নতুন কাৰ্যালয় ভৱন উদ্ধোধন

ডিজিটেল সংবাদ, মঙলদৈ : পঞ্চদশ বিত্তীয় আয়োগৰ আৱণ্টিত ধনৰ দ্বাৰা নিৰ্মাণ হোৱা আউলাচৌকা গাঁ‌ও পঞ্চায়ত কাৰ্যালয়ৰ ভৱনটি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক বসন্ত দাসে। পঞ্চায়ত সচিব দীপু কুমাৰ নাথৰ তত্বাৱধানত ৮ লাখ টকাৰে নিৰ্মিত ভৱনটো আটকধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হয়।

Advertisment

উদ্ধোধনী অনুষ্ঠানত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃন্ময় হালৈ, বিভাগীয় কৰ্মচাৰীসকল সমন্বিতে পঞ্চায়তৰ প্ৰাক্তন সভাপতিসকলৰ লগতে স্থানীয় শুভাকাংক্ষী ব্যক্তিসকল উপস্থিত থাকি উদ্ধোধনী অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

MANGADAI