/asomiyapratidin/media/media_files/2024/12/22/qcOEg8tuYvQob5PaM2Is.jpg)
maharjat
ডিজিটেল সংবাদ, মৈৰাবাৰী : মৰিগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহ উপলক্ষে শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/media_files/2024/12/22/kff3VDB4wr3qoll7mxIW.jpg)
পুৱা ৮-০০ বজাত বিদ্যালয়ৰ পতাকা উত্তোলনে কৰে পৰিচালনা সমিতিৰ সভাপতি অনোৱাৰ হুছেইনে। ইয়াৰ পাছতে ৮-৩০ বজাত ৭৭ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কৰা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। ইয়াৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।
/asomiyapratidin/media/media_files/2024/12/22/yfIfBYhmnBRLybMDHQ4Y.jpg)
উল্লেখযোগ্য যে মহাৰজত জয়ন্তী উপলক্ষে ৭৭ খন পতাকা উত্তোলন কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে- লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক ড° আছিফ মহম্মদ নাজাৰকে ধৰি ভিন্ন ক্ষেত্ৰত কেইবাগৰকী অভ্যাগত। ইয়াৰ উপৰি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ, প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান শদিয়া জিলাত কৰ্মৰত মীন বিষয়া আবদিদাৰ হুছেইন চিদ্দিকী, প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান ওদালগুৰি জিলাত ৰাজহ চক্ৰ বিষয়া হিচাপে নিয়োজিত মডিৰা বেগম।
/asomiyapratidin/media/media_files/2024/12/22/0sknGLDSTlzlP5nCOHKm.jpg)
একেদৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইব্ৰাহিম আলী, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰফিকুল ইছলাম, প্ৰতিদিন টাইমত ৱাহিদুৰ ৰহমানৰ লগতে বহুতো গণ্য মান্য ব্যক্তিসকলে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে মহাৰজত জয়ন্তী অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বুলি আয়োজক সমিতিয়ে জনায়। ২২ আৰু ২৩ ডিচেম্বৰ এই দুদিন ধৰি চলিব বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচী।