ধুবুৰীত কল্পজ্যোতি ফাউণ্ডেচনৰ ব্যতিক্ৰমী পদক্ষেপ

ধুবুৰীৰ অন্যতম সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেচনে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। সংগঠনটোৱে পোন প্ৰথমবাৰৰ বাবে ধুবুৰীত আহত আৰু ৰোগগ্ৰস্ত পথৰ কুকুৰবোৰৰ বাবে এটা বিশেষ আশ্ৰয় গৃহৰ উদ্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
403

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ অন্যতম সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেচনে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। সংগঠনটোৱে পোন প্ৰথমবাৰৰ বাবে ধুবুৰীত আহত আৰু ৰোগগ্ৰস্ত পথৰ কুকুৰবোৰৰ বাবে এটা বিশেষ আশ্ৰয় গৃহৰ উদ্বোধন কৰে।

Advertisment

দেওবাৰে বিয়লি প্ৰায় ৫ বজাত ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডত ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া নম্ৰতা প্রদীপ শর্মাই স্থানীয় বহু প্ৰকৃতিপ্ৰেমী ৰাইজৰ উপস্থিতিত এই আশ্ৰয় গৃহটোৰ উদ্বোধন কৰে। এই সম্পৰ্কত তেওঁ কয় - আহত আৰু ৰোগগ্ৰস্ত পথৰ কুকুৰবোৰৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত যি উদ্যোগ হাতত লৈছে তাৰ বাবে কল্পজ্যোতি ফাউণ্ডেচনৰ কৰ্ম-কৰ্তাসকলক ভূয়সী প্ৰশংসাৰ যোগ্য।

ইপিনে উক্ত অনুষ্ঠানত কল্পজ্যোতি ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সভাপতি সায়ন সাহাই কয়- “এই গৃহটোত আহত আৰু ৰোগত ভুগি থকা পথৰ কুকুৰবোৰক ৰখা হ'ব। প্ৰথমে কুকুৰবোৰক পশু চিকিৎসালয়ত চিকিৎসা কৰোৱা হ'ব আৰু তাৰ পিছত বিশেষ যত্ন আৰু আৰোগ্যৰ বাবে এই আশ্ৰয় গৃহলৈ অনা হ'ব।”

উল্লেখযোগ্য যে কল্পজ্যোতি ফাউণ্ডেচনে ইতিমধ্যে ধুবুৰী আৰু গৌৰীপুৰ নগৰৰ বিভিন্ন স্থানত ১৫টা পথ কুকুৰৰ বিশ্ৰাম গৃহ স্থাপন কৰি ইতিবাচক দৃষ্টান্ত দাঙি ধৰিছে। কল্পজ্যোতি ফাউণ্ডেচনৰ এই পদক্ষেপে পথৰ পশুবোৰৰ আৰোগ্যত সহায় কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে।

কল্পজ্যোতি ফাউণ্ডেচনৰ উপদেষ্টা দেৱাশীষ সাহা, উপদেষ্টা সণ্জীৱ কুণ্ডুকে ধৰি চহৰখনৰ স্থানীয় ৰাইজ আৰু পশুপ্ৰেমী সকলে এই পদক্ষেপক আদৰণি জনাই কল্পজ্যোতি ফাউণ্ডেচনৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

dhuburi