/asomiyapratidin/media/media_files/2025/07/11/374-2025-07-11-15-17-42.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো বিশ্ব জনসংখ্যা দিৱসৰ শুভাৰম্ভণি কৰা হয় । শুকুৰবাৰে ডংকামোকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দিনজোৰাকৈ অনুষ্ঠিত হোৱা এই শুভাৰম্ভণি অনুষ্ঠানৰ মুকলি ভাষণ প্ৰদান কৰে চিকিৎসালয়খনৰ মুখ্য স্বাস্থ্য বিষয়া (সংক্ৰামক ৰোগ) ডাঃ দুৰ্গেশ্বৰ ইংতিয়ে ।
অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে খণ্ড আঁচনি প্ৰৱন্ধক এলড্ৰিন ফাংচৱে । মুকলি ভাষণত ডাঃ ইংতিয়ে অসম চৰকাৰৰ দ্বাৰা সদ্যহতে চলি থকা পৰিয়াল পৰিকল্পনাৰ বিভিন্ন আঁচনিৰ কথা উপস্থিত থকা ৰাইজক অৱগত কৰে ।
এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা হামৰেণ অসামৰিক স্বাস্থ্য কেন্দ্ৰৰ স্ত্ৰী ও প্ৰসূতিৰোগ বিশেষজ্ঞ ডাঃ মিৰডিহুন টেৰণপীয়ে নিজৰ বক্তব্যত কয়,"জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰতাৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে মাতৃস্বাস্থ্য, অৰ্থনৈতিক অৱস্থাৰ অৱনতি ঘটোৱাৰ লগতে বহুতো সমস্যাৰ সৃষ্টি কৰে ৷ আমাৰ জিলাখনত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰক সমল সমূহক লৈ জনসাধাৰণৰ মাজত আগতকৈ অধিক সজাগতা আহিছে ।
এতিয়া পশ্চিম কাৰ্বি আংলঙৰ স্বাস্থ্য খণ্ডৰ যথেষ্ট উন্নয়ন হৈছে । প্ৰত্যেকখন চিকিৎসালয়তেই স্ত্ৰী ও প্ৰসূতিৰোগ বিশেষজ্ঞ আছে, আশা কৰ্মীসকল জন্ম নিয়ন্ত্ৰক সমলসমূহক লৈ অৱগত । মালা, চায়া, নিৰোধ এইবোৰ এতিয়া সকলোতে উপলব্ধ । দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আগ্ৰহী সকলৰ বাবে চৰকাৰে বিভিন্ন সুবিধাও প্ৰদান কৰিছে । সেইবাবে আমি সকলোৱে মিলি পৰিয়াল পৰিকল্পনাক লৈ অধিক সজাগ হোৱাৰ প্ৰয়োজন । তেতিয়াহে আমি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমাব পাৰিম ।"
উল্লেখযোগ্য যে, এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত যুটীয়া সঞ্চালক ডাঃ জগতসিং টেৰণ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ জিলা আঁচনী প্ৰৱন্ধক হিল্টন শইকীয়া, ডংকামোকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ বীৰেণ চন্দ্ৰ টিমুঙৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ অন্য বিষয়ববীয়াসকল ।
আজি ডংকামোকামৰ লগতে ভকচং আৰু হামৰেণটো বিশ্ব জনসংখ্যা দিৱস উদযাপন কৰা হয় । পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম, জিৰিকেণ্ডিং, উমপানাই আৰু বৈঠালাংচু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আয়ুস্মান আৰোগ্য মন্দিৰ সমূহতো সমান্তৰালকৈ বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ।