পশ্চিম কাৰ্বি আংলং জিলাত ডায়েৰিয়া নিৰ্মূলকৰণ অভিযানৰ শুভাৰম্ভণি

এই অভিযানৰ সময়ছোৱাত ঠায়ে ঠায়ে ডায়েৰীয়াৰ বিষয়ে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে পাঁচ বছৰৰ তলৰ শিশুসকলৰ ঘৰে ঘৰে গৈ আশাকৰ্মী সকলে অ.আৰ.এচ আৰু জিংক টেবলেট বিতৰণ কৰিব...

author-image
Asomiya Pratidin
New Update
369

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : সমগ্ৰ অসমৰ লগতে বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাতো ডায়েৰীয়া নির্মূলকৰণ অভিযানৰ শুভাৰম্ভণি কৰা হয় । শিশুসকলৰ মাজত ডায়েৰীয়া ৰোগ নির্মূল কৰা তথা শিশুৰ ডায়েৰীয়াজনিত মৃত্যুৰ হাৰ শূন্য কৰাৰ লক্ষ্যৰে এই অভিযান সমগ্ৰ ভাৰততে আৰম্ভ কৰা হৈছে ।

Advertisment

পশ্চিম কাৰ্বি আংলং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কার্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ শুভ আৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ দ্বাৰা অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে জিলা আঁচনি প্রৱন্ধক হিল্টন শইকীয়াই । অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা স্বাস্থ্য বিভাগৰ সংবাদ বিশেষজ্ঞ ৰাহুল ডেকাই ।

দুমাহজোৰা এই অভিযানত পশ্চিম কাৰ্বি আংলং জিলাৰ পাঁচ বছৰৰ তলৰ ৩৬,৬৪১ টা শিশুক সামৰি লোৱা হ'ব । এই অভিযানৰ সময়ছোৱাত ঠায়ে ঠায়ে ডায়েৰীয়াৰ বিষয়ে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে পাঁচ বছৰৰ তলৰ শিশুসকলৰ ঘৰে ঘৰে গৈ আশাকৰ্মী সকলে অ.আৰ.এচ আৰু জিংক টেবলেট বিতৰণ কৰিব ।

অনুষ্ঠানত সমল ব্যক্তিৰূপে অংশগ্রহণ কৰে হামৰেণ অসামৰিক চিকিৎসালযলয়ৰ অধীক্ষক ডাঃ আলটাফ হুছেইনে । নিজৰ বক্তব্যত ডাঃ হুছেইনে ডায়েৰীয়াৰ বিষয়ে সজাগতা প্রদান কৰাৰ ক্ষেত্ৰত স্বাস্থ্য কৰ্মীৰ লগতে অভিভাৱকসকলৰ দায়িত্বক লৈ বিশেষ গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা কমিউনিটি মবিলাইজাৰ স্বপ্না কাথাৰপীয়ে উপস্থিত থকা আশাকৰ্মীসকলক অ.আৰ.এচ আৰু জিংক টেবলেট বিতৰণ কৰাৰ প্ৰক্ৰিয়া বিতংকৈ অৱগত কৰে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, কাৰ্বি আংলঙৰ জিলা আঁচনি প্রবন্ধক হিল্টন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত যুটীয়া সঞ্চালক, বৈঠালাংচু, উমপানাই, জিৰিকেণ্ডিং আৰু ডংকামোকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়াসকল,পশ্চিম কাৰ্বি আংলঙৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলাৰ বিষয়ববীয়াসকল । ডায়েৰীয়া নির্মূলকৰণ এই অভিযান অহা ২৫ আগষ্টলৈ ভাৰতবৰ্ষত চলিব ।

karbi aanglong