/asomiyapratidin/media/media_files/2025/03/01/vI9JL8KoyBfM5GzvI0s8.jpg)
উজনি অসমত শংকৰ সংঘৰ অনুষ্ঠান অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ টাইপাৰ
ডিজিটেল সংবাদ, চিলাপথাৰ : শুকুৰবাৰে চিলাপথাৰ প্ৰেছ ক্লাবত ধেমাজি জিলা টাই আহোম যুৱ পৰিষদ অসমে (টাইপা) এক সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলযোগে শংকৰ সংঘৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰাৰ লগতে অনাগত সময়ত উজনি অসমত শংকৰ সংঘৰ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিব নিদিয়াৰ কথা উল্লেখ কৰে ।
ধেমাজি জিলা টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি প্ৰাঞ্জল বৰুৱা, সম্পাদক মুনু ফুকন,কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি সুৰেণ বৰুৱা আৰু বহু কেইজন বিষয়ববীয়াই সংবাদমেলত উপস্থিত থাকি মত পোষণ কৰে- "আহোম জনগোষ্ঠীৰ মেডাম মে ফিৰ দৰে এক মাংগলিক পবিত্ৰ অনুষ্ঠানত শংকৰ সংঘৰ এগৰাকী ব্যক্তিয়ে উপস্থিত থকাক লৈ তেখেতক এঘৰীয়া কৰে শংকৰ সংঘই। এই কথাৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ক্ষোভ উজাৰে।
সেই শংকৰ সংঘৰেই বিষয়ববীয়াই বিগত বছৰত চিমেন চাপৰিত অনুষ্ঠিত হোৱা শংকৰ সংঘৰ অধিবেশনত আহোম জনগোষ্ঠীৰ লোকৰ পৰাও অৰিহণা গ্ৰহণ কৰিছিল। এতিয়া তেওঁলোকেই ক'ব খোজে যি গাহৰি, কুকুৰা পোহে তেওঁলোক শংকৰ সংঘৰ সংবিধান মতে থাকিব নোৱাৰে। গাহৰি পোহা, খোৱা আমাৰ পৰাই আৰ্থিক অৰিহণা লৈ অনুষ্ঠান পাতিব পাৰে কিন্তু মেডাম মে ফিক আকৌ তেওঁলোকে অশুচি বুলি কয় ।"
ইফালে টাইপাৰ বিষয়ববীয়াই হুংকাৰ প্ৰদান কৰি কয় যে, শংকৰ সংঘই সংবিধানৰ দোহাই দি যি সমাজখনক ভাগ ভাগ কৰিব খুজিছে। যদি শংকৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াই জনগোষ্ঠীটোৰ ওচৰত ক্ষমা নোখোজে তেনেহ'লে অনাগত সময়ত বল প্ৰয়োগ কৰি হ'লেও উজনি অসমত শংকৰ সংঘৰ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব।