ওদালগুৰিত বি টি আৰ চৰকাৰৰ ১,৩৩৬ শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

"আজিৰ দিনটোৰ পৰা বি টি চিৰ শৈক্ষিক ক্ষেত্ৰত এক নতুন দিনৰ সূচনা হ’ব। আজি আমি অত্যন্ত সুখী যে আজিৰ দিনটোত আমি ১,৩৩৬ জন শিক্ষক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ"

author-image
Asomiya Pratidin
New Update
নিযুক্তি পত্ৰ বিতৰণ

ডিজিটেল সংবাদ, ওদালগুৰি : "আজিৰ দিনটোৰ পৰা বি টি চিৰ শৈক্ষিক ক্ষেত্ৰত এক নতুন দিনৰ সূচনা হ’ব। আজি আমি অত্যন্ত সুখী যে আজিৰ দিনটোত আমি ১,৩৩৬ জন শিক্ষক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ"- এই মন্তব্য বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ। 

Advertisment

২০২৪ চনৰ নৱেম্বৰ মাহত বি টি চিত স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত হৈছিল। বহু প্ৰতীক্ষাৰ অন্তত মঙলবাৰে উক্ত টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বুধবাৰে নিযুক্তি পত্ৰ বিতৰণৰ দিন ধাৰ্য কৰে বি টি চি চৰকাৰে। 

সেই অনুসৰি বি টি চিৰ শিক্ষা বিভাগে আজি ওদালগুৰি মহাবিদ্যায়ত আয়োজন কৰে নিযুক্তি মেলাৰ। উক্ত অনুষ্ঠানত বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰিব নোৱাৰাত উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে মুখ্য অতিথি হিচাপি উপস্থিত থাকে। 

বি টি চি চৰকাৰৰ এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক এক যুগান্তকাৰী পদক্ষেপ বুলি মন্তব্য কৰি বসুমতাৰীয়ে কয়- "বি টি চিত শিক্ষকৰ অভাৱ অনুভৱ কৰি আহিছো। যাৰ বাবে শিক্ষাক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল। মোৰ নিজৰ সমষ্টিতে স্নাতক আৰু স্নাতকোত্তৰ ১৬ জন শিক্ষক পদ খালী আছিল। আজি সেই অভাৱ পূৰণ হ’ল।  এই পদক্ষেপে শৈক্ষিক খণ্ডত এক যোগাত্মক প্ৰভাৱ পৰাৰ লগতে যোগ্য প্ৰাৰ্থীসকলকো সন্তুষ্টি দিব।" 

কাৰণ এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু যোগ্যতাৰ ভিত্তিত দিয়া হৈছে বুলি বসুমতাৰীয়ে মন্তব্য কৰে। অনুষ্ঠানত অংশগ্ৰহন কৰে বি টি চিৰ কাৰ্যবাহী দিগন্ত বৰুৱা,  কাৰ্যবাহী সদস্য দাওবৈচা বড়ো, ড° নিলোৎ স্বৰ্গীৱাৰী, পাৰিষদ ভৱেন বড়ো, দীপক মৌড়, মাধৱ চেত্ৰী, বি টি চিৰ শিক্ষা সচিব  অমৰজ্যোতি বৰ্মন আৰু শিক্ষা সঞ্চালক জে পি ব্ৰহ্মৰ লগতে কেইবাগৰাকীও বিষয়াই। 

উল্লেখযোগ্য যে বড়ো আৰু অসমীয়া মাধ্যমত বি টি চি এলেকাৰ স্নাতক শিক্ষকৰ বাবে ১,১৯৯ গৰাকী আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাৱে ১৩৭ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হয়। ইয়াৰে ভিতৰত ২০ জনক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। 

বাকী সকলৰ ক্ৰম অনুসৰি বিদ্যালয় বাছনিৰ প্ৰক্ৰিয়া বাতৰি লিখা পৰলৈ চলি আছে। ইপিনে  নিযুক্তি অনুষ্ঠানৰ অন্তত মুখ্য অতিথি গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ৰাজনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়- হাগ্ৰামা মহিলাৰীৰ পুনৰ চৰকাৰ গঠন কৰাৰ যি সপোন সেইয়া দিবাস্বপ্ন। ই কেতিয়াও পূৰণ নহয়। 

তেওঁলোকে ১৭ বছৰত কিমান গাখীৰ দিছিল তাতকৈ আমি বহু বেছি গাখীৰ দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ হিচাপ ৰাখিবই পৰা নাই হাগ্ৰামাই। তেওঁ কয়- নিজৰ দোষ আৰু বিফলতাৰ বাবেই হাগ্ৰামা মহিলাৰী ডুবিল। তেওঁৰ সঙ্গৰ পৰা এতিয়া সকলো আতৰি গল।" এতিয়া কাক লৈ চৰকাৰ গঠন কৰাৰ চিন্তা কৰিছে, সেয়া কেতিয়াও পূৰণ নহয় বুলিও মন্তব্য কৰে গোবিন্দ বসুমতাৰীয়ে।

BTR Government