২০২৪-২৫ বৰ্ষত উদ্যান শস্যৰ উৎপাদন ৩.৭শতাংশ বৃদ্ধি

ভাল খবৰ। দেশৰ কৃষি খণ্ডত বৃদ্ধি পাইছে উদ্যান শস্যৰ উৎপাদনৰ হাৰ। শাক- পাচলিকে ধৰি আন কেতবোৰ শস্যৰ উৎপাদন শেহতীয়াকৈ বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
fxhdgj

ডিজিটেল ডেস্ক : ভাল খবৰ। দেশৰ কৃষি খণ্ডত বৃদ্ধি পাইছে উদ্যান শস্যৰ উৎপাদনৰ হাৰ। শাক- পাচলিকে ধৰি আন কেতবোৰ শস্যৰ উৎপাদন শেহতীয়াকৈ বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

Advertisment

উল্লেখযোগ্য যে, শাক-পাচলিৰ উৎপাদন বৃদ্ধিৰ ফলত ভাৰতৰ উদ্যান শস্যৰ উৎপাদন ২০২৪-২৫ চনত ৩.৬৬% বৃদ্ধি পাই ৩৬৭.৭২ মেট্ৰিক টন হৈছেগৈ। কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা দ্বিতীয়টো অগ্ৰিম হিচাপ অনুসৰি ২০২৪-২৫ শস্য বৰ্ষৰ জুন- জুলাইত ভাৰতৰ উদ্যান শস্যৰ উৎপাদনৰ যথেষ্টখিনি বৃদ্ধি পাইছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, পূৰ্বতে উদ্যান শস্যৰ উৎপাদন বৰ সন্তোষজনক নাছিল। বিগত সময়ছোৱাত পিঁয়াজৰ উৎপাদন ২০শতাংশলৈকে হ্ৰাস পাইছিল। যাৰ বাবে ২০২৩-২৪ শস্য বৰ্ষত ৩৫৪.৭৪ মেট্ৰিক টনলৈ হ্ৰাস পাইছিল উৎপাদন।

কৃষি