বিগত ৬মাহত ২.৩ লাখৰো অধিক লোকক কামুৰিছে কুকুৰে : জলাতংক ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে অনেকে

কুকুৰj পৰা সাৱধান ! বিগত ৬মাহত দেশৰ ২.৩ লাখৰো অধিক লোকক কামুৰিছে কুকুৰে। চৰকাৰী তথ্য অনুসৰি উক্ত সময়ছোৱাত কৰ্ণাটকৰ ২ লাখ ৩ হাজৰৰো অধিক লোকক কুকুৰে কামুৰিছে

author-image
Asomiya Pratidin
New Update
kukur

ডিজিটেল ডেস্ক : কুকুৰৰ পৰা সাৱধান ! বিগত ৬মাহত দেশৰ ২.৩ লাখৰো অধিক লোকক কামুৰিছে কুকুৰে। চৰকাৰী তথ্য অনুসৰি উক্ত সময়ছোৱাত কৰ্ণাটকৰ ২ লাখ ৩০ হাজৰৰো অধিক লোকক কুকুৰে কামুৰিছে। ইয়াৰ ভিতৰত ১৯ জন লোক জলাতংক ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে। 

Advertisment

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যখনত ২০২৪ বৰ্ষত কুকুৰে কামোৰা লোকৰ সংখ্যা আছিল ৩৬ লাখ। ইয়াৰে ৪২ গৰাকী লোক জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।

তথ্যত প্ৰকাশ পোৱা অনুসৰি চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ জুনলৈকে কৰ্ণাটকত কুকুৰে কামোৰা লোকৰ সংখ্যা হৈছে ২ লাখ ৩১ হাজাৰ ৯১ গৰাকী। বিগত সময়তকৈ বৰ্তমান সময়ত ইয়াৰ বৃদ্ধিৰ হাৰ হৈছে ৩৬.২০ শতাংশ।

ইতিমধ্যে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ উদ্যোগত প্ৰান্তে প্ৰান্তে সজাগতা সভাৰ আয়োজন কৰা হৈছে। তাৰোপৰি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ সংস্থাই উল্লেখ কৰিছে।

জলাতংক