যোৱা ৭বছৰত ভাৰতৰ নিবনুৱাৰ হাৰ ৬শতাংশৰ পৰা হ্ৰাস পাইছে ৩.২ শতাংশলৈ

সমগ্ৰ দেশত কৰ্ম সংস্থাপন বৃদ্ধি পাইছে। বিভিন্ন ক্ষেত্ৰ আৰু আঁচনিয়ে নিয়োগ বৃদ্ধি কৰাৰ ফলতেই দেশলৈ এই পৰিৱৰ্তন আহিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এক প্ৰতিবেদন...

author-image
Asomiya Pratidin
New Update
ZCdh

ডিজিটেল ডেস্ক : সমগ্ৰ দেশত কৰ্ম সংস্থাপন বৃদ্ধি পাইছে। বিভিন্ন ক্ষেত্ৰ আৰু আঁচনিয়ে নিয়োগ বৃদ্ধি কৰাৰ ফলতেই দেশলৈ এই পৰিৱৰ্তন আহিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এক প্ৰতিবেদন। 

Advertisment

শ্ৰম শক্তি সমীক্ষা চমুকৈ পি এল এফ এছৰ এই বাৰ্ষিক প্ৰতিবেদনৰ তথ্য অনুসৰি শ্ৰমিক আৰু জনসংখ্যাৰ অনুপাত যোৱা ৭টা বছৰত বৃদ্ধি পাইছে। কোভিডসৃষ্ট পৰিৱেশৰ পাছতো কৰ্ম সংস্থাপন পোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাতো এক উল্লেখযোগ্য দিশ।

কোভিডৰ সময়ছোৱাত শ্ৰমিক আৰু জনসংখ্যাৰ অনুপাত ৪৬.৮ আছিল যদিও ২০২৩-২৪ বৰ্ষত এই অনুপাত ৫৮.২ শতাংশলৈকে বৃদ্ধি পাইছে। ইফালে নিৱনুৱাৰ হাৰ ১৫ বছৰ ওপৰৰ ব্যক্তিৰ ক্ষেত্ৰত ৬ শতাংশৰ পৰা ৩.২ শতাংশলৈ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰা হৈছে এই প্ৰতিবেদনত।

নিবনুৱা