/asomiyapratidin/media/media_files/2025/05/27/C7GCv22g6L3YIvjbr88l.jpg)
ডিজিটেল ডেস্ক : দেশৰ কম্পিউটাৰ বজাৰত উত্থান ঘটিছে এ আই প্ৰযুক্তি সন্নিৱিষ্ট লেপটপ বিক্ৰীৰ হাৰ। একেদৰে ডেস্কটপৰো বাঢ়িছে আদৰ।
চলিত বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চত গ্ৰাহকৰ মাজত বৃদ্ধি হৈছে লেপটপ আৰু ডেস্কটপৰ চাহিদা। একেৰাহে সাতটা ত্ৰৈমাসিকত এই হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
উল্লেখযোগ্য যে, গৱেষণা সংস্থা আই ডি চিৰ তথ্য অনুসৰি ২০২৫ চনৰ প্ৰথম তিনি মাহত ভাৰতে ৩৩ লাখ ডেস্কটপ কম্পিউটাৰ, লেপটপ আৰু নোটবুক বিক্ৰী কৰিছে। যোৱা বছৰৰ একে সময়ৰ তুলনাত এয়া ৮.১% লৈ বৃদ্ধি হৈছে।
তাৰোপৰি গ্ৰাহকসকলে দোকানৰ পৰা প্ৰত্যক্ষভাৱে কম্পিউটাৰ ক্ৰয় কৰাৰ উপৰিও অধিক লোকে অনলাইনতো কম্পিউটাৰ কিনিছে। অনলাইনত বিক্ৰী হাৰ বৃদ্ধি পাই হৈছেগৈ প্ৰায় ২২% ।
সংস্থাটোৰ তথ্য অনুসৰি কম্পিউটাৰ ব্ৰেণ্ডসমূহৰ ভিতৰত এইচ পিয়ে সৰ্বাধিক কম্পিউটাৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে ২৯.১% বজাৰ অংশীদাৰিত্বৰে শীৰ্ষত আছে। একেদৰে দ্বিতীয় স্থানত আছে লেন’ভ’ আৰু তৃতীয়ত ডেল কোম্পানী। এচাৰ আৰু আছুছ ব্ৰেণ্ডৰো চাহিদা আছে গ্ৰাহকৰ মাজত।