২০২৪- ২৫ বিত্তীয় বৰ্ষত এফ ডি আই ৮১ বিলিয়ন ডলাৰলৈ বৃদ্ধি

চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগে চমৎকাৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। উক্ত বৰ্ষত এফ ডি আই ৮১ বিলিনয় ডলাৰলৈ বৃদ্ধি পাইছে।– এই তথ্য সদৰী কৰিছে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য

author-image
Asomiya Pratidin
New Update
এফ ডি আই

ডিজিটেল ডেস্ক : চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগে চমৎকাৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। উক্ত বৰ্ষত এফ ডি আই ৮১ বিলিনয় ডলাৰলৈ বৃদ্ধি পাইছে।– এই তথ্য সদৰী কৰিছে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ বিষয়া অমৰদীপ সিং ভাটিয়াই। 

Advertisment

বৃহস্পতিবাৰে তেওঁ জনোৱা মতে, ২০২৪-২৫ চনত দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ চমুকৈ এফ ডি আই তিনি বছৰৰ ভিতৰত সৰ্বোচ্চ ৮১ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। কেৱল ইমানেই নহয় অনাগত সময়ত ইয়াৰ বৃদ্ধি হাৰ আৰু অধিক হ’ব বুলি কয়।

উল্লেখযোগ্য যে, চি আই আইৰ এক অনুষ্ঠানত ভাগ লৈ তেওঁ ইয়াকো কয় যে, দেশৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উত্থানৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে কেৱল আভ্যন্তৰীণভাৱে মনোনিৱেশ কৰাই নহয়, প্ৰযুক্তি আহৰণো কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। সম্পদ সুৰক্ষাৰ মাজেৰে বজাৰ দখল কৰিব লাগিব বুলি তেওঁ কয়।

বিদেশী বিনিয়োগ