/asomiyapratidin/media/media_files/2025/05/19/f8gQleeBhpjBAjSn8UOI.jpg)
চলিত বিত্তীয় বৰ্ষত স্মাৰ্টফোন ৰপ্তনিৰে শীৰ্ষত ভাৰত
ডিজিটেল ডেস্ক : আমেৰিকা, জাপানৰ সৈতে সমানে ফেৰ মাৰিছে ভাৰতৰ স্মাৰ্টফোনে। চলিত ২০২৫ বিত্তীয় বৰ্ষত স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে ভাৰত।
কেৱল ইমানেই নহয়, চলিত বিত্তীয় বৰ্ষত ভাৰতে আমাৰিকালৈ স্মাৰ্টফোন ৰপ্তানি কৰা পৰিমাণ বৃদ্ধি পাইছে পাঁচগুণলৈ। একেদৰে জাপানলৈ চাৰিগুণ ৰপ্তানি কৰিছে স্মাৰ্টফোন- এই তথ্য সদৰী কৰিছে চৰকাৰী সূত্ৰই।
তথ্য অনুসৰি, ২০২২-২৩ বৰ্ষত ভাৰতে স্মাৰ্টফোন ৰপ্তানি কৰা পৰিমাণ আছিল ১০.৯৬ বিলিয়ন ডলাৰ। একেদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত ইয়াৰ হাৰ বৃদ্ধি হয় ১৫.৫৭ বিলিয়ন ডলাৰলৈ। লক্ষ্যণীয়ভাৱে ২০২৪-২৫ বিত্তীয় বৰ্ষত স্মাৰ্টফোনৰ ৰপ্তানি ৫৫ শতাংশ বৃদ্ধি পাই ২৪.১৪ বিলিয়ন ডলাৰ হয়গৈ ।
প্ৰণিধানযোগ্য যে, বিগত বিত্তীয় বৰ্ষত ভাৰতে আমেৰিকা, নেদাৰলেণ্ড, ইটালী, জাপান, আৰু চেক গণৰাজ্যলৈ স্মাৰ্টফোন ৰপ্তানি কৰিছিল। এই দেশসমূহৰ ভিতৰত ভাৰতে আমেৰিকালৈ সৰ্বাধিক স্মাৰ্টফোন ৰপ্তানি কৰিছে। এই হাৰ ২০২৪-২৫ বৰ্ষত ১০.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰে।