চিলাপথাৰ ডিমৌত বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীক ধূলিসাৎ কৰি নিৰ্দলীয় প্ৰাৰ্থীৰ জয়জয়কাৰ

চিলাপথাৰৰ ডিমৌ গাঁও পঞ্চায়তত জিলিকি উঠিল নিৰ্দলীয় প্ৰাৰ্থী ৰুক্মিণী নিৰলা ঢাকাল। পঞ্চায়তখনৰ কাউন্সিলৰ পদবীৰ বাবে নিৰ্দলীয় প্ৰাৰ্থীৰূপে যুঁজত নামি হেভিৱেইত মিত্ৰদলৰ প্ৰাৰ্থী ববিতা চেত্ৰীক শতাধিক ভোটত ধাৰাশায়ী কৰি শেষ হাঁহি মাৰিবলৈ সক্ষয় হয়। 

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ ডিমৌত বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীক ধূলিসাৎ কৰি নিৰ্দলীয় প্ৰাৰ্থীৰ জয়জয়কাৰ

চিলাপথাৰ ডিমৌত বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীক ধূলিসাৎ কৰি নিৰ্দলীয় প্ৰাৰ্থীৰ জয়জয়কাৰ

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰৰ ডিমৌ গাঁও পঞ্চায়তত জিলিকি উঠিল নিৰ্দলীয় প্ৰাৰ্থী ৰুক্মিণী নিৰলা ঢাকাল। পঞ্চায়তখনৰ কাউন্সিলৰ পদবীৰ বাবে নিৰ্দলীয় প্ৰাৰ্থীৰূপে যুঁজত নামি হেভিৱেইত মিত্ৰদলৰ প্ৰাৰ্থী ববিতা চেত্ৰীক শতাধিক ভোটত ধাৰাশায়ী কৰি শেষ হাঁহি মাৰিবলৈ সক্ষয় হয়। 

উল্লেখযোগ্য যে, শক্তিশালী বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীৰ প্ৰবল প্ৰত্যাহ্বান নেওচি শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৰুক্মিণী। ইফালে এই ফলাফল ঘোষণাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে ভোটাৰ শুভাকাংক্ষী ৰাইজ। তেওঁ এই সাফল্যত আৰতি আগবঢ়াই জাপে জাপে ফুলাম গামোচাৰ সম্বৰ্ধনা জনাই সমৰ্থকসকলে। 

তাৰোপৰি অনুৰাগীসকলে ৰাজপথত সমদলপৰ্যন্ত উলিয়ায়। জনপ্ৰিয় গীতৰ তালে তালে নাচি বাগী বিজয় উৎসৱ পালন কৰে সমৰ্থক ৰাইজে।

পঞ্চায়ত নিৰ্বাচন