মিজোৰাম-ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাত ৩৬.৭৯ কোটিৰ নিচাজাতীয় সামগ্ৰী জব্দ

মিজোৰামত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সাফল্য লাভ কৰিছে অসম ৰাইফলছ আৰু নাৰকোটিকছ কণ্ট্ৰোল ব্যুৰোৱে। চাম্পাই জিলাত জব্দ কৰিছে ৩৬.৭৯ কোটিৰ নিচাজাতীয় সামগ্ৰী।

author-image
Asomiya Pratidin
New Update
মিজোৰাম-ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাত ৩৬.৭৯ কোটিৰ নিচাজাতীয় সামগ্ৰী জব্দ

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সাফল্য লাভ কৰিছে অসম ৰাইফলছ আৰু নাৰকোটিকছ কণ্ট্ৰোল ব্যুৰোৱে। গোপন তথ্যৰ ভিত্তিত ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাৰ জোখাৱথৰত যুটীয়া অভিযান চলাই বুজণ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে অসম ৰাইফলছ আৰু নাৰকোটিকছ কণ্ট্ৰোল ব্যুৰোৱে। 

অভিযান কালত ৬৪২ গ্ৰাম হেৰ'ইন আৰু ১০ কেজি ৪৪৪ গ্ৰাম মেথামফেটামাইন টেবলেট জব্দ কৰে অসম ৰাইফলছ আৰু নাৰকোটিকছ কণ্ট্ৰোল ব্যুৰোৱে। জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত আনুমানিক মূল্য ৩৬ কোটি ৭৯ লাখ টকা বুলি জানিবলৈ দিছে অভিযানকাৰী দলটোৱে। 

জানিব পৰা মতে, জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনি চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা অবৈধভাবে মিজোৰামৰ মাজেৰে বৰ্হিৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল আন্তঃৰাষ্ট্ৰীয় চোৰাং ড্ৰাগছ ব্যৱসায়ীয়ে।

ড্ৰাগছ ম্যানমাৰ মিজোৰাম