/asomiyapratidin/media/media_files/2025/05/14/ThZKdMiIlFsAFVuSpFtv.jpg)
শোণিতপুৰৰ বালিপৰাত প্ৰৱঞ্চকে লুটিলে নগদ ধন
ডিজিটেল সংবাদ, জামুগুৰিহাট : এইবাৰ প্ৰৱঞ্চকৰ নতুন কৌশল। খণ্ড উন্নয়ন কার্য্যালয়ৰ নামত প্ৰৱঞ্চকে লুটি নিলে ১৫,০০০ টকা।
শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এই ঘটনা। নদুৱাৰ সমষ্টিৰ উদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উদমাৰী গাঁৱৰ এজন দৰিদ্ৰ লোকৰ পৰা প্ৰৱঞ্চকে লুটি নিয়ে ১৫,০০০ টকা। উল্লেখযোগ্য যে উদমাৰী গাঁৱৰ লোকজনে লাভ কৰিছিল প্ৰধানমন্ত্ৰীৰ আবাস গৃহ আৰু গৃহটো সম্পুৰ্ণ হ’বলৈ বাকী থকাৰ আগমুহূৰ্ত্তত এজনক প্ৰৱঞ্চকে বালিপৰা খণ্ড উন্নয়ন বিষয়াৰ কার্যলয়ৰ পৰা অহা বুলি জানিবলৈ দি টিনপাট আনিব লাগে বুলি কৈ লুটি নিয়ে ১৫,০০০ টকা ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে চাৰিদুৱাৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।