বিপদত ৰিলায়েন্স গ্ৰুপঃ ৩ হাজাৰ কোটি টকাৰ জালিয়াতিৰ গোচৰত এজনক গ্ৰেপ্তাৰ

তদন্তত প্ৰকাশ পাইছে যে বিটিপিএলে জালিয়াতিৰে ভাৰতীয় ষ্টেট বেংকৰ ভুৱা এণ্ডাৰছমেণ্ট আৰু ভুৱা এছবিআই ইমেইল আইডি ব্যৱহাৰ কৰি ভুৱা কনফাৰ্মেচন ইমেইল তৈয়াৰ কৰি ৬৮.২ কোটি টকাৰ ভুৱা বেংক গেৰাণ্টী প্ৰদান কৰিছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ কোম্পানীসমূহৰ বিৰুদ্ধে ৩ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত প্ৰথমজন অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰা হয়। বলবৎকাৰী সঞ্চালকালয়ে ৬৮.২ কোটি টকাৰ ভুৱা নিশ্চয়তা দাখিল কৰাৰ অপৰাধত বিশ্বল ট্ৰেডলিংক প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক পাৰ্থ সাৰথি বিশ্বলক জিম্মাত লৈছে বুলি শনিবাৰে সূত্ৰই প্ৰকাশ কৰিছে।

Advertisment

প্ৰিভেনচন অৱ মানি লণ্ডাৰিং এক্ট (পিএমএলএ), ২০০২ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় পাৰ্থ সাৰথি বিশ্বলক।দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই প্ৰথম তথ্য প্ৰতিবেদন দাখিল কৰিছিল যে, ২০১৯ চনত প্ৰতিষ্ঠা হোৱা বিশ্বল ট্ৰেডলিংক আৰু ইয়াৰ পৰিচালকসকলে ভাৰতৰ সৌৰ শক্তি নিগমক ৬৮.২ কোটি টকাৰ ভুৱা বেংক গেৰাণ্টী প্ৰদান কৰিছিল।

সূত্ৰসমূহে জনোৱা মতে, তদন্তত প্ৰকাশ পাইছে যে বিটিপিএলে জালিয়াতিৰে ভাৰতীয় ষ্টেট বেংকৰ ভুৱা এণ্ডাৰছমেণ্ট আৰু ভুৱা এছবিআই ইমেইল আইডি ব্যৱহাৰ কৰি ভুৱা কনফাৰ্মেচন ইমেইল তৈয়াৰ কৰি ৬৮.২ কোটি টকাৰ ভুৱা বেংক গেৰাণ্টী প্ৰদান কৰিছিল।

ইডিয়ে প্ৰকাশ কৰে যে বিশ্বল ট্ৰেডলিঙে ভুৱা গেৰাণ্টীৰ ব্যৱস্থা কৰাৰ বাবে ৰিলায়েন্স পাৱাৰৰ পৰা প্ৰৱঞ্চনাৰে ৫.৪ কোটি টকা লাভ কৰিছিল আৰু কমেও ৭টা অপ্ৰকাশিত বেংক একাউণ্ট চলাই আহিছিল। ইতিমধ্যে অভিযুক্ত বিশ্বলক বিশেষ আদালতত হাজিৰ কৰা হৈছে। আদালতে তেওঁক বুধবাৰলৈকে ইডিৰ জিম্মাত প্ৰেৰণ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে,  শুকুৰবাৰে অনিল আম্বানীৰ বিৰুদ্ধে বলবৎকাৰী সঞ্চালকালয়ে লুকাউট চাৰ্কুলাৰ জাৰি কৰিছিল। অৰ্থাত আদালতৰ অনুমতি অবিহনে তেওঁ ভাৰতৰ বাহিৰলৈ যাব নোৱাৰে। ইয়াৰ পাছতে আজি বিশ্বলক গ্ৰেপ্তাৰ কৰে।

অনিল আম্বানী ৰিলায়েন্স