/asomiyapratidin/media/media_files/2025/05/11/aXQ2O2mv0pLiWNxEJh10.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনাই আকাশত ছখন পাকিস্তানী যুদ্ধ বিমান নিক্ষেপ কৰে। ইয়াৰ লগতে কেইবাটাও ক্ৰুজ মিছাইলও ধ্বংস কৰিছিল। এই তথ্য সংবাদ সংস্থা এ এন আই দিছে।
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় বায়ুসেনাই যেতিয়া পাকিস্তানী বায়ুসেনাৰ ক্ষতিৰ বিশ্লেষণ কৰে তেতিয়া দেখা গ’ল যে ভাৰতৰ ক্ৰুজ মিছাইলৰ দ্বাৰা পাকিস্তানী বায়ুসেনাৰ ছখন যুদ্ধ বিমান, দুখন উচ্চ মূল্যৰ বিমান, ১০খনতকৈও অধিক ইউচিএভি, এখন চি-১৩০ পৰিবহণ বিমানৰ লগতে কেইবাটাও ক্ৰুজ মিছাইল ধ্বংস কৰা হৈছে।
সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সুদৰ্শনে পাকিস্তানত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। সুদৰ্শন ক্ষেপণাস্ত্ৰৰ জৰিয়তে ৩০০ কিলোমিটাৰ দূৰত্বৰ পৰা দীৰ্ঘ দূৰত্বৰ সঠিক আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত সুদৰ্শনে ধ্বংস কৰে এখন উচ্চ মূল্যৰ পাকিস্তানী বিমান।
উল্লেখযোগ্য যে, অপাৰেচন সিন্দুৰত ভাৰতে ব্যৱহাৰ কৰিছিল এয়াৰ টু ছাৰ্ফেচ ক্ৰুজ মিছাইল। ভাৰতে ভোলাৰী বিমান ঘাটিত আক্ৰমণ কৰি ছুইডেন মূলৰ এ ই ডব্লিউ চি বিমানখন ধ্বংস কৰে।
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ লক্ষ্যত আক্ৰমণ কৰিবলৈ কেৱল আকাশৰ পৰা নিক্ষেপ কৰা ক্ৰুজ মিছাইলহে ব্যৱহাৰ কৰিছিল। ৰাফেল আৰু এছ ইউ-৩০ জেট বিমানে চীনৰ ড্ৰ’নসমূহ ধ্বংস কৰে।