/asomiyapratidin/media/media_files/2025/05/26/9LCXuqndxPFAc1RXnfPZ.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : আসন্ন বি টি চি নিৰ্বাচনকেন্দ্ৰিক লক্ষ্যৰে সোমবাৰে ওদালগুৰিত উপস্থিত হয় মন্ত্ৰী পীয়ুষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে আজি ওদালগুৰি চহৰত কেইবাটাও সাংগঠনিক কাৰ্যসূচীৰ লগতে চহৰখনৰ কাষেৰে বৈ যোৱা গোলন্দী নদীৰ পাৰত নিৰ্মাণৰত মথাউৰি পৰিদৰ্শন কৰে।
দিনৰ ভাগত মন্ত্ৰীগৰাকীয়ে ওদালগুৰিত উপস্থিত হৈ পোনে পোনে উপস্থিত হয় গোলন্দী নদীৰ পাৰত নিৰ্মাণৰত মথাউৰিস্থলীত। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত মথাউৰিটো পৰিদৰ্শন কৰাৰ লগতে সম্পূৰ্ণ বুজ লয়।
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়- আমি ৩৬ কোটি টকা ব্যয় সাপেক্ষে গোলন্দী নদীৰ সোপাৰে ৪.৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ এটা ৰেডীমেড মথাউৰী নিৰ্মাণ কৰিছো। ইয়াৰোপৰি বাৰিষাৰ পাছত আনটো পাৰত জিঅ’ বেগ আৰু জিঅ' মেগা টিউব স্থাপনৰ কাম কৰা হ'ব। যিহেতু পাহাৰৰ ওপৰৰ পৰা নামি অহা ঢল এই নদীখনেৰে নামি আহে, গতিকে আগন্তুক দিনবোৰত আমি বান সমস্যা সমাধান কৰিব পাৰিম বুলি আশা প্ৰকাশ কৰিছো।
সমগ্ৰ ৰাজ্যতে আমি ৭০ শতাংশ বানপানী হ্ৰাস কৰিব পাৰিছো বুলি ক’ব পাৰো। এই বছৰ আমি আঢ়ৈশ কিল'মিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰাৰ ৯০ শতাংশ কাম সম্পূৰ্ণ কৰিছো। অহা বছৰ পুনৰ ২৬০ কিল'মিটাৰ মথাউৰি নিৰ্মাণৰ পৰিকল্পনা কৰিছো।
ইয়াৰ পাছতে মন্ত্ৰীগৰাকী উপস্থিত হয় ওদালগুৰি জিলা বিজেপি কাৰ্যালয়ত। কাৰ্যালয়টোত অনুষ্ঠিত বিশেষ সাংগঠনিক সভাত বিশেষকৈ আগন্তুক বিটিচি নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হয়। বিজেপিৰ ওদালগুৰি জিলাৰ ১০ টাকৈ মণ্ডলৰ পৰা প্ৰতিটো মণ্ডলৰ ১০ গৰাকীকৈ কৰ্মীৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৃথকে পৃথকে আলোচনাত মিলিত হয়।
সমাগত বিটিচি নিৰ্বাচন সন্দৰ্ভত ওদালগুৰি জিলাখনৰ ১০ টাকৈ পৰিষদীয় সমষ্টিত বিজেপি দলটোৰ স্থিতি তথা সাম্ভাব্য জয় সন্দৰ্ভত আলোচনা কৰে। উক্ত আলোচনাত বিজেপি নেতা পল্লৱলোচন দাস, জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, শানিয়াছ কুজুৰৰ লগতে জিলাখনৰ বিজেপি দলৰ ইএম, এমচিএলএসকল উপস্থিত থাকে।
ইয়াৰ পাছত মন্ত্ৰীগৰাকী উপস্থিত হয় ওদালগুৰি আৱৰ্ত ভৱনত। আৱৰ্ত ভৱনত মন্ত্ৰীগৰাকীয়ে ওদালগুৰিৰ বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হয়। ইফালে আজিৰ এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰিপুন বৰাক তীক্ষ্ণ সমালোচনা কৰি কয়, "ৰিপুন বৰাই যোৱাবাৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক প্ৰচাৰ চলাইও ৩৮ হাজাৰ ভোটত হাৰিছে। যি লোকে ইমান ভোটত হাৰে তেওঁ পৰৱৰ্তী নিৰ্বাচনত জিকিম বুলি কিয় ভাবে? আনকি তেখেতৰ গহপুৰ সমষ্টিত ক’তো কংগ্ৰেছ জিকা নাই। এইবোৰ অলিক কল্পনা।
অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ হ’ব আৰু দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব। আগন্তুক বিটিচি নিৰ্বাচনত আমি ভাল ফলাফল দেখুৱাম। দলে যি সিদ্ধান্ত লয় সেয়াই আগত লৈ আগবাঢ়িম। কিন্তু বৰ্তমান ইউপিপিএলৰ সৈতে আমাৰ মিত্ৰতা আছে আৰু আগন্তুক বিটিচি নিৰ্বাচনতো বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলিম।"