নগাঁও চহৰত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি

ই-ৰিক্সাৰ চলাচলৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ ফলত নগাঁও পৌৰসভাৰ বিভিন্ন অঞ্চলত ক্ৰমাৎ বৃদ্ধি পোৱা যাতায়তৰ সমস্যাৰ সমাধানৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত...

author-image
Asomiya Pratidin
New Update
AP FOR WEB e

ডিজিটেল সংবাদ, নগাঁও : ই-ৰিক্সাৰ চলাচলৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ ফলত নগাঁও পৌৰসভাৰ বিভিন্ন অঞ্চলত ক্ৰমাৎ বৃদ্ধি পোৱা যাতায়তৰ সমস্যাৰ সমাধানৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত আৰক্ষী প্ৰশাসন, যান-বাহন আৰক্ষী আৰু নগাঁও পৌৰসভাৰ সৈতে হোৱা আলোচনা অনুসৰি নগাঁও পৌৰসভা অঞ্চলৰ ভিতৰত ই-ৰিক্সাৰ চলাচলৰ ক্ষেত্ৰত নিম্নলিখিত নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে।

Advertisment

এই অনুসৰি সকলো ই-ৰিক্সাচালকে নগাওঁ পৌৰসভাই যোগান ধৰা ই-ৰিক্সা নম্বৰৰ ফলক সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ই-ৰিক্সাৰ সন্মুখ ভাগত লগাব লাগিব।  নগাওঁ পৌৰসভা এলেকাত পৌৰসভাৰ পৰা অনুমোদিত ই-ৰিক্সাৰ বাহিৰে অন্য কোনো ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব।

পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈকেহে ই-ৰিক্সা সমূহ চলাচল কৰিব পাৰিব। নগাঁও পৌৰসভাৰ পৰা অনুমোদিত ই-ৰিক্সাসমূহেও চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰিব নোৱাৰিব কিন্তু নিদ্দিষ্ট স্থানেৰে ৰাষ্ট্ৰীয় ঘাঁইপথ পাৰ কৰিব পাৰিব। 
প্ৰতিখন ই-ৰিক্সাৰ সোঁ-ফালটো গ্রীলেৰে বন্ধ কৰা হ'ব লাগিব লগতে ব্রেক, হর্ণ, লুকিং গ্লাছ আদি কার্যাক্ষম হৈ থাকিব লাগিব।

ই-ৰিক্সাসমুহৰ আগফাল ও পিচফালে হালধীয়া ৰিফ্লেক্তৰ টেপ লগোৱাটো বাঞ্চনীয়। ই-ৰিক্সা চালকে কোনো ধৰণৰ নিচাযুক্ত দ্রব্য সেৱন কৰি ই-ৰিক্সা চলাব নোৱাৰিব। অন্যথা অনুমোদন নাকচ কৰা হ'ব। চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্রী বহুৱাব নোৱাৰিব।

চালকৰ সৈতে সৰ্বমুঠ ৫ (পাঁচ) জন আৰোহীহে এখন ই-ৰিক্সাত যাতায়ত কৰিব পাৰিব। চালকে ই-ৰিক্সা চলোৱাৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব। অন্যথা ৫০০.০০ টকা জৰিমণা ভৰিব লাগিব।

ভাড়া নিৰিখমতে ল'ব লাগিব। প্রথম কিলোমিটাৰ ১০.০০ টকা আৰু তাৰ পিছত প্রতিকিলোমিটাৰৰ বাবদ ৫.০০ টকা আদায় ল'ব পাৰিব। তিনিআলি, চাৰিআলি সমূহৰ ১০ মিটাৰৰ ভিতৰত ই-ৰিক্সাই যাত্রী উঠোৱা নমোৱা কৰিব নোৱাৰিব। যাত্রী উঠোৱা নমোৱা কৰিবলৈ কোনো ই-ৰিক্সাই ১ মিনিটতকৈ বেছি সময় ৰ'ব নোৱাৰিব।

ই-ৰিক্সাৰ বাবে চহৰত কোনো নির্দিষ্ট পার্কিং স্থান নাথাকে। নগাঁও জিলা আৰক্ষী বিভাগ, জিলা পৰিবহন বিষয়া আৰু পৌৰসভাই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্রহণ কৰিব। এই নীতি নিয়মসমূহ অনতিপলমে কাৰ্যকৰী কৰা হৈছে আৰু পৰবৰ্তী নির্দেশ নিদিয়া পর্যন্ত বলবৎ থাকিব ।

এই নীতি  নিয়মসমূহ উলংঘা কৰিলে আইনমতে দণ্ডনীয় হ'ব আৰু বিহীত ব্যৱস্থা গ্ৰহণ কৰা হব।উল্লেখযোগ্য যে, যদি কোনো ই-ৰিক্সা চালকে এই নিয়মাৱলী উলংঘা কৰে বা নিৰ্ধাৰিত ভাড়াতকৈ অধিক পৰিমাণে দাবী কৰে, তেন্তে এনে অনিয়মৰ বিৰুদ্ধে জিলা প্ৰশাসনক জনাবলৈ নাগৰিকসকলক আহ্বান জনোৱা হৈছে। জিলাবাসী ৰাইজৰ সক্ৰিয় অংশগ্ৰহনেৰে নগাঁও জিলাখনক এক সুশৃংখল আৰু সুন্দৰ পৰিৱেশৰ জিলা হিচাপে গঢ়ি তুলিবলৈ জিলা প্ৰশাসনৰ এই যৌথ প্ৰচেষ্টাত সকলোৰে সহযোগিতা বিচাৰিছে ।

নগাঁও