২০২৫ৰ মে’ত ভাৰতৰ চিমেণ্ট উৎপাদন বৃদ্ধি পাইছে ৯ শতাংশ

ভাৰতৰ চিমেণ্ট উৎপাদন ২০২৫ চনৰ মে’ত ৯% বৃদ্ধি পাইছে। ইয়াৰ ফলত চিমেণ্টৰ উৎপাদন ৩৯.৬ মিলিয়ন মেট্ৰিক টন হোৱাৰ লগতে গড় হিচাপত চিমেণ্টৰ মূল্য ৮% বৃদ্ধি পাইছে। 

author-image
Asomiya Pratidin
New Update
hhsd

ডিজিটেল ডেস্ক : ভাৰতৰ চিমেণ্ট উৎপাদন ২০২৫ চনৰ মে’ত ৯ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ফলত চিমেণ্টৰ উৎপাদন ৩৯.৬ মিলিয়ন মেট্ৰিক টন হোৱাৰ লগতে গড় হিচাপত চিমেণ্টৰ মূল্য ৮% বৃদ্ধি পাইছে। 

Advertisment

এই বৃদ্ধিয়ে প্ৰতি ৫০ কেজি বেগত ৩৬০ টকা মূল্য হৈছে বুলি ৰেটিং এজেন্সী আই চি আৰ এৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইয়াৰ আগৰ সময়ছোৱাত প্ৰতি বেগ চিমেণ্টৰ গড় মূল্য আছিল ৩৪০ টকা। 

এই সম্পৰ্ৰকত আই চি আৰে আশা কৰিছে যে ২০২৬ বিত্তীয় বৰ্ষত চিমেণ্টৰ পৰিমাণ বছৰি ৬-৭% বৃদ্ধি পাই ৪৮০-৪৮৫ মিলিয়ন মেট্ৰিক টন হ’ব। যিটো গৃহ নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডৰ পৰা স্থায়ী চাহিদাৰ দ্বাৰা সমৰ্থিত হ’ব।”

economy