/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/27baf4bc-ca98-4d04-8373-5db885e9d8da/hati_24.jpg)
margherita
ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ দীপাৱলী আনন্দ উল্লাসৰ মাজতেই মাৰ্ঘেৰিটা চিমা পথাৰত বন্যহস্তীৰ সন্ত্ৰাস। দীৰ্ঘদিনে চিমা পথাৰ অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলাই অহাৰ মাজতেই নিশা খাদ্যৰ সন্ধানত ২নং মাকুম পথাৰ অঞ্চলৰ চিমা পথাৰ এলেকাৰ বিৰু গোৱাল নামৰ ব্যক্তিজনৰ এটা আই ৱাই গৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে একেটা অঞ্চলৰে পিত্ৰুছ গোৱালাৰ নামৰ ব্যক্তিজনৰ আন এটা গৃহ ভাঙে বন্যহস্তীয়ে।
হাতী খেদিবৰ বাবে বনবিভাগৰ লোক আহিছিল যদিও কিছু সময় থাকি বনবিভাগৰ লোক উভিতি যোৱাৰ অভিযোগ উঠিছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত কাষৰীয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰে হাতী মানুহৰ সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
অন্যহাতে আৰ্থিকভাৱে দৰিদ্ৰ বিৰু গোৱালা আৰু পিত্ৰুছ গোৱালাৰ পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয় ৰাইজে বনবিভাগক দাবী জনাইছে।