/asomiyapratidin/media/media_files/2025/07/19/ap-for-web-silchar-2025-07-19-14-11-33.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অশান্ত জৰ্জৰ মণিপুৰত পুনৰ বুজণ পৰিমাণৰ সক্ৰিয় গুলি জব্দ কৰিছে আৰক্ষীয়ে। কাকছিং জিলাৰ চিংজাও আইলেণ্ড এলেকাৰ পুমলেম পাটত অভিযান চলাই আৰক্ষীয়ে নাইন এম এম পিষ্টলৰ ১৪০৬ টা,পইন্ট থ্ৰি জিৰো থ্ৰি (.303)ৰ ১২৫ টা আৰু ৭ টা খালী কাৰ্টিজ জব্দ কৰে।
গুলিসমুহ কোনো উগ্ৰপন্থী সংগঠনে জংঘলত লুকুৱাই ৰখা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। অৱশ্যে, জংঘলৰ মাজত লুকুৱাই ৰখা এই বুজণ সংখ্যক অবৈধ সক্ৰিয় গুলি জব্দ কৰা হ'লেও আৰক্ষীয়ে এই গুলি সমুহ লুকুৱাই ৰখা কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।