/asomiyapratidin/media/media_files/2025/12/09/438-2025-12-09-16-33-19.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : ৰাজ্যজুৰি মঙলবাৰে অসম চৰকাৰে ৩২৫২৩৪ গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ বিতৰণ কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ একমাত্ৰ ১১ নং মানকাচৰ সমষ্টিত ৮,৬৬১ গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়।
জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জিলাখনত কেন্দ্ৰীয়ভাৱে গৃহ অনুমোদন পত্ৰ বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ লগতে জিলা পৰিষদৰ সভানেত্ৰী তানজিনা খান উপস্থিত থাকি ১০ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে।
ইয়াৰ পাছত খেলপথাৰতখনত অস্থায়ীভাৱে নিৰ্মান কৰা পঞ্চায়ত পৰ্যায়ৰ কক্ষত বাকী হিতাধিকাৰীসকলক অনুমোদন পত্ৰসমূহ বিতৰণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us