/asomiyapratidin/media/media_files/2025/06/19/198-2025-06-19-15-51-44.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : আজি কিছুদিন পূৰ্বে মঙলদৈ কমাৰপাৰা গাঁৱৰ পাঁচগৰাকী গাহৰি পালকৰ ফাৰ্মত ছোৱাইন ফেভাৰত আক্ৰান্ত প্ৰায় ১৩০ টাকৈ গাহৰি নিধন কৰাৰ পিছত, পুনৰ মঙলদৈ কবিকাৰাত গাহৰিৰ দেহত ধৰা পৰে আফ্ৰিকান ছোৱাইন ফেভাৰ। সেয়ে মঙলদৈৰ কবিকাৰা, কমাৰপাৰা অঞ্চলৰ কেইবাগৰাকীও গাহৰি পালকৰ ফাৰ্মত অভিযান চলাই পশু চিকিৎসা বিভাগে।
বৃহস্পতিবাৰে কবিকাৰাত প্ৰায় ৬০ টা গাহৰি নিধন কৰে পশু চিকিৎসা বিভাগে। গাহৰি পালকৰ উপস্থিতিত দুখনকৈ গাহৰি ফাৰ্মত থকা এইসমূহ গাহৰি বিভাগীয়ভাৱে মাৰি পেলোৱা হয়।
ইয়াৰোপৰি চহৰখনৰ আন ঠাইসমূহতো জিলা পশু চিকিৎসা বিভাগে চলাই যাব অভিযান। যি অঞ্চলৰ গাহৰিত এই ৰোগে দেখা দিছে সেই অঞ্চলৰ পৰা ১০ কিলোমিটাৰ দূৰলৈ গাহৰি বিক্ৰী বন্ধ ৰখাৰ বাবে বিভাগে নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত মঙলদৈৰ বঙলাগড় বজাৰত বিক্ৰী কৰিব নোৱাৰিব গাহৰিৰ মাংস।