/asomiyapratidin/media/media_files/2025/07/13/388-2025-07-13-00-06-34.jpg)
ডিজিটেল ডেস্ক : দেশজুৰি শনিবাৰে অনুষ্ঠিত হৈছে ১৬ সংখ্যক ৰোজগাৰ মেলা। সমগ্ৰ দেশৰ ৪৭ টাকৈ স্থানত অনুষ্ঠিত হৈছে এই ৰোজগাৰ মেলা।
চৰকাৰী তথা ভিন্ন বিভাগত নিযুক্তি প্ৰাপকক আজি নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। বিশেষকৈ ৰে’লৱে, বিত্ত আৰু গৃহমন্ত্ৰালয় আদিত এই ৰোজগাৰ মেলাৰ জৰিয়তে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰা হয়। এই মেলাৰ জৰিয়তে ৫১ হাজাৰতকৈও অধিক প্ৰাৰ্থীক বিভিন্ন বিভাগৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰা হয়।
দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱাৰ দৰে আজি মহানগৰীৰ মালিগাঁওস্থিত ৰং ভৱনতো অনুষ্ঠিত হয় নিযুক্তি-পত্ৰ বিতৰণ কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰা এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে নিযুক্তি-পত্ৰ। গুৱাহাটীত ২৪১ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে।
প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইবুলি উল্লেখ কৰে- ‘দেশৰ যুৱপ্ৰজন্মৰ বাবে আশাৰ লহৰ। যুৱপ্ৰজন্মৰ সশক্তিকৰণেৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী দেশৰ ৫১,০০০ যুৱক-যুৱতীক নিযুক্তি-পত্ৰ বিতৰণ কৰে।
ৰোজগাৰ মেলাৰ এই অভিনৱ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গুৱাহাটীত আয়োজিত অনুষ্ঠানত মই উপস্থিত থাকি আহ্লাদিত হৈছো। আৰু ইয়াত আনুষ্ঠানিকভাৱে এই নিযুক্তি-পত্ৰসমূহ বিতৰণ কৰি নৱনিযুক্ত প্ৰতিগৰাকী প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।
তেওঁ আৰু কয়- প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বত নৱনিযুক্তসকলে কৰ্তব্যনিষ্ঠাৰে এখন বিকশিত, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সক্ৰিয় ভূমিকা পালন কৰি যাব।
উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত প্ৰাৰ্থীসকলৰ উপৰি গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।